ডিফু, 22 জুলাই : অসমত কৰ'ণা মহামাৰী আৰু বানপানীয়ে ত্ৰাস চলাই থকাৰ সময়তে বুধবাৰে বিয়লি ডিফু চহৰৰ মাজ মজিয়াৰ শান্তিপাৰাৰ এক ঘন জনবসতি এলেকাত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বিয়লি ৪ মান বজাত ডিফু চহৰৰ ১ নং ৱাৰ্ডৰ শান্তিপাৰাত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ড ৷
ডিফুত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিকাণ্ডত জাহ 30 টাকৈ বাসগৃহ লগে লগে ঘটনাস্থলীত ডিফু আৰক্ষীসহ অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন গাড়ী ঘটনাস্থলীত উপস্থিত হয় যদিও প্ৰৱেশ কৰা বাট ঠেক হোৱাৰ বাবে গাড়ী সোমাবলৈ সক্ষম নহ'ল উক্ত স্থানত ৷ শেষত উপায়বিহীন হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে কাষেৰে বৈ যোৱা ডিফু নদীত মটৰ স্থাপন কৰি অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
ডিফুত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিকাণ্ডত জাহ 30 টাকৈ বাসগৃহ ভুক্তভোগী লোক সকলে জনোৱা অনুসৰি,বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবে অগ্নিকাণ্ডটো সংঘটিত হৈছে ৷ অগ্নিৰ লেলিহান শিখাই অঞ্চলটোত প্ৰায় 30 টাতকৈ অধিক ঘৰ ভষ্মীভূত কৰি কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হোৱা বুলি উল্লেখ কৰে ৷ আনকি ঘটনাস্থলীত 4 জন লোক আহত হোৱা বুলিও জানিব পৰা গৈছে ৷
পৰৱৰ্তী সময়ত ঘটনাস্থলীত জিলা উপায়ুক্ত জয়ধ্বজ সিনহা আৰু ১ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ হাৰাধন ঘোষ উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে ডিফু আৰক্ষীৰ সহযোগত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক : অনলাইন শিক্ষা : সুবিধাতকৈ বেছি অসুবিধাৰহে সন্মুখীন হৈছে ছাত্ৰ তথা