ডিফু, ৭ জুলাইঃঅসম-নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত লাহৰিজান অঞ্চলৰ দুদু কলনীত মঙলবাৰে দিনৰ প্ৰায় ১ বজাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷
জীৱন্তে অগ্নিদগ্ধ চাৰি বছৰীয়া শিশুঃ ভষ্মীভূত পাঁচ শতাধিক ঘৰ - massive fire burns
বোকাজানত বিধ্বংসী অগ্নিকাণ্ড,এই অগ্নিকাণ্ডটোৰ ফলত পাঁচ শতাধিক ঘৰ ভষ্মীভূত হোৱাৰ লগতে জীৱন্তে অগ্নিদগ্ধ হয় চাৰিবছৰীয়া শিশু ৷
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ঘন জনবসতিপূৰ্ণ অঞ্চলটোত হঠাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ ফলত বৃহৎ অঞ্চলটোৰ স্থানীয় ৰাইজৰ মাজত হুৱাদুৱা লাগে । জুইৰ লেলিহান শিখাই নিমিষতে বৃহৎ অঞ্চলটো আগুৰি ধৰাৰ ফলত সমগ্ৰ অঞ্চলটোৰ লগতে আকাশৰ বহু ওপৰলৈ ক'লা ধোৱাই ছানি ধৰে ৷ অগ্নিকাণ্ডত প্ৰায় পাঁচ শতাধিক ঘৰ জুইত সম্পূৰ্ণৰূপে জাহ যায় । ঘটনাস্থলীত খটখটি আৰক্ষী, বোকাজান অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ লগতে চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়েও বহু কষ্টৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । আনহাতে এই অগ্নিকাণ্ডত ছবিয়া খাতুন নামৰ ৪ বছৰীয়া এটি কন্যা শিশু জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক আঁকোৱালি লয় আৰু কেইবাজনো ব্যক্তি আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে । প্ৰত্যক্ষদৰ্শী সকলৰ মতে লাহৰিজান বাগানৰ মাটিত কিছু সন্দেহযুক্ত লোকে অবৈধভাৱে বাঁহ আৰু টিনেৰে নিৰ্মাণ কৰা ঘৰ সমূহৰ কোনোবা এটা ঘৰৰ পৰাই জুইৰ সূত্ৰপাত হয়।
বৰ্তমানলৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ তথা ইয়াৰ ফলত হোৱা ক্ষতিৰ পৰিমাণ নিৰ্দিষ্টকৈ জানিব পৰা হোৱা নাই যদিও ক্ষতিৰ পৰিমাণ কেইবা লক্ষাধিক হ'ব বুলি অনুমান কৰা হৈছে । উল্লেখ্য যে, সময়ে-সময়ে ভিন্ন স্থানত এনেধৰণে অবৈধভাৱে নিৰ্মাণ কৰা বাসগৃহত অগ্নিকাণ্ড সংঘটিত হৈ আহিছে যদিও উক্ত ঘটনাৰ পৰা শিক্ষা লৈ সতৰ্ক নোহোৱাৰ পৰিপ্ৰেক্ষিততে ঠায়ে ঠায়ে এনে ঘটনাৰ পুনৰাবৃত্তি হৈয়ে আছে।
লগতে পঢ়কঃনলবাৰীত চলিছে মহিলাৰাজ...