অসম

assam

ETV Bharat / state

কাৰ্বি আংলঙৰ জেংখা বজাৰত বিধ্বংসী অগ্নিকাণ্ড: লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত - Fire breaks out at a market in Karbi Anglong

কাৰ্বি আংলঙৰ জেংখা বজাৰত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত ২০ খনৰো অধিক দোকান(Massive fire breaks out in West Karbi Anglong market) ৷ অৱশ্যে বৰ্তমানেও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ ৷

Massive fire breaks out in West Karbi Anglong market
কাৰ্বি আংলঙৰ জেংখা বজাৰত বিধ্বংসী অগ্নিকাণ্ড

By

Published : Jun 30, 2022, 8:49 AM IST

ডিফু, ৩০ জুন :পশ্চিম কাৰ্বি আংলঙৰ জেংখা বজাৰত(Jengkha Bazar West karbi Anglong) বুধবাৰে নিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ৷ বজাৰখনৰ সৰু-বৰ প্ৰায় ২০ খনৰো অধিক দোকান জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ প্ৰায় পঞ্চাশ লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত ভস্মীভূত হয়(Fire breaks out at a market in Karbi Anglong) ৷

কাৰ্বি আংলঙৰ জেংখা বজাৰত বিধ্বংসী অগ্নিকাণ্ড

বুধবাৰে নিশা প্ৰায় ৯.৩০ বজাত বজাৰখনত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ জুইৰ লেলিহান শিখাই নিমিষতে বজাৰখনক গ্ৰাস কৰি পেলোৱাত সমগ্ৰ অঞ্চলজুৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ জুই নুমুৱাৰ বাবে অগ্নিনিৰ্বাপকৰ দুখনকৈ গাড়ী ব্যৱহাৰ কৰাৰ লগতে অগ্নিনিৰ্বাপনৰ বাবে অহা দলে বহু চেষ্টাৰ পাছত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও তেতিয়ালৈ প্ৰায় ২০ খনৰো অধিক দোকান জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।

নিশাৰ ভাগত কেনেদৰে আৰু ক’ৰ পৰা সূত্ৰপাট ঘটি এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হ’ল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবেই জুইৰ সূত্ৰপাত হোৱা বুলি স্থানীয় লোকে সন্দেহ কৰিছে ৷

লগতে পঢ়ক :ডিফুত অগ্নিকাণ্ড: লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ

For All Latest Updates

ABOUT THE AUTHOR

...view details