ডিফু, 7 নৱেম্বৰঃযিটো সময়ত কোটি টকা খৰচ কৰি কাৰ্বি স্বায়ত্বশাসিত পৰিষদে কৰ্মশালাৰ লগতে প্ৰশাসনিক ভৱন উদ্বোধন কৰিছে তেনে সময়তে পৰিষদৰ বিৰুদ্ধে ওলাই আহিল ধনশিৰি সমষ্টিৰ বিশাল ৰাইজ ৷ বৃহস্পতিবাৰে ধনশিৰি বিধানসভাৰ সহস্ৰাধিক ৰাইজে অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীৰে বাহিৰ কৰে বিশাল প্ৰতিবাদী ৰেলী ৷
ধনশিৰিত ৰাইজৰ বিশাল ৰেলী, চৰকাৰক এমাহৰ সময়সীমা - ধনশিৰি
কাৰ্বি আংলং জিলাৰ ধনশিৰিত বৃহস্পতিবাৰে ৰাইজে বাহিৰ কৰে এক বিশাল ৰেলী ৷ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ দাবীৰে ৰাইজে বাহিৰ কৰে এই ৰেলী ৷ অসম চৰকাৰৰ লগতে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদক এমাহৰ ভিতৰত ৰাইজৰ দাবীসমূহ পূৰণ কৰিবলৈ সময়সীমা প্ৰদান আডছু,আছা আৰু নেপালী ছাত্ৰ সন্থাৰ ৷
অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলটোৰ ৰাইজক দীৰ্ঘদিন ধৰি চৰকাৰে প্ৰতাৰণা কৰি আহিছে ৷ উন্নয়নৰ নামত মাটি এচপৰাও পৰা নাই এইটো অঞ্চলত ৷ ৰাস্তা-ঘাটকে ধৰি,বিদ্যালয়,চিকিৎসালয়,খোৱাপানী,বিদ্যুৎ যোগান আদি সমস্যাৰে জৰ্জৰিত অঞ্চলটোত অসম চৰকাৰৰ লগতে কাৰ্বি স্বায়ত্বশাসিত পৰিষদে একপ্ৰকাৰ এলাগী কৰি পেলাইছে ৷ ফলশ্ৰুতিত,বৃহস্পতিবাৰে এইদৰে চৰকাৰবিৰোধী শ্ল'গানেৰে ওলাই আহে শতাধিক ৰাইজ ৷ আডছু,আছা আৰু নেপালী ছাত্ৰ সন্থাৰ নেতৃত্বত বাহিৰ কৰা ৰেলীত অংশগ্ৰহণ কৰে সীমান্তৱৰ্তী অঞ্চলটোৰ ৰাইজে ৷ সমদলৰ দ্বাৰাই সংগঠন কেইটাই অসম চৰকাৰৰ লগতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদক এমাহৰ সময়সীমা প্ৰদান কৰি ৰাইজৰ সমস্যা সমাধান কৰিবলৈ দাবী জনায় ৷
লগতে চাওকঃ ভাৰতৰ নতুন মানচিত্ৰক লৈ নেপালত উত্তেজনা !