ডিফু, 6 জুলাই :বিগত 8 জুনত আয়োজিত হোৱা কাৰ্বি আংলংস্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত (KAAC Election 2022) 26 খন আসনৰ আটাইকেইখনতে জয়লাভ কৰি কাৰ্বি আংলঙৰ ৰাজনীতিত একপ্ৰকাৰ ইতিহাসৰ সূচনা কৰিছিল বিজেপি দলে ৷ বিজেপি দলে পৰিষদৰ চৰকাৰ গঠনৰ পিছত জিলাখনৰ সদৰ চহৰ ডিফুত বুধবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে বিজয়োৎসৱ পালন কৰে(BJP victory celebration in Diphu) ।
বুধবাৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিটো সমষ্টিৰে সকলো পৰ্যায়ৰ সমিতিসমূহৰ নেতৃবৰ্গৰ উপস্থিতিত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত কৰা হয় এক বিশাল সভাৰ ৷ এই সভাখনত সদ্যসমাপ্ত পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই পৰাজয় বৰণ কৰা কেইবাগৰাকীও প্ৰাৰ্থীৰ লগতে APHLC, ASDC, কংগ্ৰেছ আদি দলৰ পৰা আহি 1662 জনে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে (Many people join BJP) ।
বুধবাৰে বিজেপিত যোগদান কৰা সকলৰ ভিতৰত প্ৰাক্তন কাৰ্যবাহী সদস্য বাজং তিচʼ, কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ছিমিয়ন ৰংফাৰ, ৰাংছিনা হাঞ্চে, কাংবুৰা হাঞ্চে, চিকাৰী কাথাৰ, লংকিৰি তিচʼ, ক্লিৰদাপ তেৰাং, মহেন বেʼ, ৰূপেশ বেʼ, কাৰেং ফাংছʼপী আদি বিশেষভাৱে উল্লেখযোগ্য ।
জনাকীৰ্ণ সভাখনত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদানৰ পূৰ্বে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৰাইজক উদ্দেশ্যি মঞ্চৰ ওপৰতে আঠু কাঢ়ি সেৱা লৈ পৰৱৰ্তী কাৰ্যকালৰ বাবে ৰাইজৰ আশীষ গ্ৰহণ কৰে । ৰাইজক সম্বোধন কৰি প্ৰদান কৰা ভাষণত মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে নিবনুৱা সমস্যা সমাধানৰ বাবে নিযুক্তি প্ৰদানৰ ব্যৱস্থা লোৱা বুলি মন্তব্য কৰে ।
লগতে পঢ়ক :কাৰ্বি আংলঙত মুখ্যমন্ত্ৰীয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে : বিৰোধী দলপতি
কাৰ্বি আংলঙৰ স্থায়ী শান্তি স্থাপনৰ বাবে চৰকাৰখনে কাম কৰা বুলি উল্লেখ কৰি সকলো জাতি-জনগোষ্ঠীৰ মাজত সমিল-মিলেৰে এখন নতুন কাৰ্বি আংলং গঢ়াৰ কথা উল্লেখ কৰে । এইক্ষেত্ৰত জিলাখনৰ সকলো ৰাইজৰে আশীৰ্বাদ আৰু দিহা পৰামৰ্শ কামনা কৰে মুখ্য কাৰ্যবাহীগৰাকীয়ে ।