অসম

assam

ETV Bharat / state

দৰঙৰ পৰা চুৰি কৰি অনা গাড়ী মাঞ্জাত উদ্ধাৰঃ আটক দুই চোৰ - ভাৰত ভূষণ মহন্ত

কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষীৰ বৃহৎ সফলতা ৷ দৰঙৰ পৰা চুৰি কৰি অনা গাড়ীসহ দুই গভাইত গাড়ী চোৰ আটক ৷

দৰঙৰ পৰা চুৰি কৰি অনা গাড়ী মাঞ্জাত উদ্ধাৰঃ আটক দুই চোৰ

By

Published : Sep 11, 2019, 8:21 PM IST

ডিফু, ১১ ছেপ্তেম্বৰ:- কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষীৰ বৃহৎ সফলতা ৷ বুধবাৰে কাৰ্বি আংলঙৰ মাঞ্জা আৰক্ষীৰ তৎপৰতাত দৰঙ জিলাৰ পৰা চুৰি কৰি অনা দুই গভাইত গাড়ী চোৰক গাড়ীসহ আটক কৰিবলৈ সক্ষম হয়৷ ঘটনা অনুসৰি দৰঙ জিলাৰ দেওমৰণৈ ৰান্ধনি সত্ৰ গাঁও নিবাসী তথা দৰঙ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভাৰত ভূষণ মহন্তৰ নিজা ঘৰৰ পৰাই মঙলবাৰে পুৱতি নিশা AS-13G-৮০১৭ নম্বৰৰ ছুইফ্ট ডিজায়াৰ গাড়ীখন চুৰি কৰি নিয়ে৷

দৰঙৰ পৰা চুৰি কৰি অনা গাড়ী মাঞ্জাত উদ্ধাৰঃ আটক দুই চোৰ

ইয়াৰ পিচতে নাগালেণ্ডৰ ডিমাপুৰত গাড়ীচোৰৰ দলটোৱে গাড়ীখন বিক্ৰী কৰিবলৈ আনে ৷ বিশেষ সূত্ৰৰ পম খেদি মঙলবাৰে সন্ধিয়া ৭ বজাত মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাৰ নেতত্বত যোৱা এটা অভিযানকাৰী দলে অভিযান চলাই চুৰি হোৱা গাড়ীসহ দুই দূৰ্ধৰ্ষ গাড়ী চোৰক জালত পেলাবলৈ সক্ষম হয় ৷ ধৃত গাড়ীচোৰ দুটা দৰঙ জিলাৰ মঙলদৈৰ নিজদহি বণিয়াপাৰা গাঁৱৰ সুৰজ বণিয়াৰ পুত্ৰ পৱন বণিয়া আৰু বৰখটৰা গাঁও নিবাসী লাভাৰ কলিতাৰ পুত্ৰ ভৱেশ কলিতা বুলি চিনাক্ত কৰা হৈছে ৷ বৰ্তমান দুই চোৰক সোধ পোচ অব্যাহত ৰাখিছে কাৰ্বি আংলঙ আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details