ডিফু, 24 আগষ্ট :মহামাৰী কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতো নিজৰ অসৎ কামনা চৰিতাৰ্থ কৰিবলৈ তিলমানো কুণ্ঠাবোধ নকৰে একাংশ কু-চৰিত্ৰ লোকে ৷
প্ৰাপ্ত খবৰ অনুসৰি, কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ হিদিম টেৰণ গাঁৱত যুৱতী ধর্ষণৰ অভিযোগত আৰক্ষীয়ে দেওবাৰে বিয়লি এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে । হিদিম টেৰণ নদীপাৰৰ এগৰাকী একৈশ বছৰীয়া যুৱতীক উক্ত স্থানৰে ছেলিম উদ্দিন (27) নামৰ যুৱক জনে যোৱা 21 আগষ্টৰ বিয়লি তিনি বজাত যুৱতীগৰাকীক কৌশলেৰে নিজ ঘৰলৈ মাতি ধর্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে । পিছত যুৱতীগৰাকীয়ে অভিযুক্ত ছেলিমৰ পিতৃ-মাতৃক এই বিষয়ে অৱগত কৰাত ছেলিমৰ পিতৃ মাতৃয়ে এই অভিযোগ সম্পূর্ণৰূপে অস্বীকাৰ কৰাৰ লগতে যুৱতীগৰাকীক মাৰ ধৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে ।