অসম

assam

ETV Bharat / state

মাঞ্জা আৰক্ষীৰ জালত চাৰি আন্তঃৰাজ্যিক গাড়ী চোৰ - পাহাৰীয়া

কাৰ্বি আংলং জিলাৰ মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষীয়ে মাঞ্জা আৰু গুৱাহাটীত অভিযান চলাই এখন চুৰি ক্রেটাসহ চাৰিটা দুর্ধর্ষ গাড়ী চোৰক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়। মাঞ্জা থানাৰ সন্মুখত চলােৱা নিয়মীয়া তালাচীৰ সময়ত এখন ক্রেটা বাহন প্রত্যক্ষ কৰে । সন্দেহবশত আৰক্ষীয়ে বাহনখনৰ নথি-পত্র পৰীক্ষা কৰাত বাহনখনৰ ছেছিছ নম্বৰ আৰু ইঞ্জিনৰ নম্বৰ তথ্য অন্যান্য নথি পত্রত যথেষ্ট ক্ৰটি প্রত্যক্ষ কৰাত পোহৰলৈ আহে সকলো তথ্য ৷

Manja police apprehanded 4 hardcore car lifter with a stolen creata
মাঞ্জা আৰক্ষীৰ জালত দুই আন্তঃৰাজ্যিক গাড়ী চোৰ

By

Published : Oct 30, 2020, 7:47 PM IST

ডিফু, 30 অক্টোবৰ : আন্তঃৰাজ্যিক গাড়ীচোৰ চক্রৰ বিৰুদ্ধে শেহতীয়াকে কাৰ্বি আংলং জিলাৰ মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষীয়ে মাঞ্জা আৰু গুৱাহাটীত অভিযান চলাই এখন চুৰি এখন চাৰিচকীয়া বাহনসহ চাৰিটা দুর্ধর্ষ গাড়ী চোৰক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

ঘটনাৰ বিৱৰণ অনুসৰি, বৃহস্পতিবাৰে পুৱাৰ ভাগত মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মাঞ্জা থানাৰ সন্মুখত চলােৱা নিয়মীয়া তালাচীৰ সময়ত এখন ক্রেটা বাহন প্রত্যক্ষ কৰে । সন্দেহবশত আৰক্ষীয়ে বাহনখনৰ নথি-পত্র পৰীক্ষা কৰাত বাহনখনৰ ছেছিছ নম্বৰ আৰু ইঞ্জিনৰ নম্বৰ তথ্য অন্যান্য নথি পত্রত যথেষ্ট ক্ৰটি প্রত্যক্ষ কৰে । এই সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি,বাহনখনৰ প্রকৃত ইঞ্জিন নম্বৰ জ্বলাই দি নষ্ট কৰি ইয়াৰ নম্বৰ সলনি কৰা হৈছিল ।

লগতে পঢ়ক :এছ আই কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবীৰে কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

বাহনখন চুৰি বাহন বুলি নিশ্চিত হােৱাৰ পিচতে আৰক্ষীয়ে বাহনখনৰ দুই আৰোহীক লগে লগে আটক কৰে । ধৃত চোৰ দুটা ইম্ফলৰ এণ্ড থানাৰ অন্তর্গত আংগাথা মামাং লেইকাইৰ লইটংবাম শিশিকান্ত সিং (29) আৰু একে ঠাইৰে যুমলেমবাম মাংগলেমবা সিং (38) বুলি চিনাক্ত কৰা হয় । ধৃত দুয়াে গৰাকীয়ে গুৱাহাটীৰ কোনাে দালালৰ জৰিয়তে পুৰণি বাহন বিক্রী কৰা শ্ব-কমৰ পৰা বাহনখন ক্রয় কৰা বুলি আৰক্ষীক স্বীকাৰোক্তি দিয়ে ।

7,35,700 টকাত ক্রয় কৰা বিলাসী বাহনখন ৰহস্যজনকভাৱে বিক্রেতাই শ্ব'ৰুমৰ পৰিবর্তে যােৰাবাটৰ ৰাজপথত ক্ৰেতা দুগৰাকীৰ হাতত অর্পণ কৰা বুলি আৰক্ষীক অৱগত কৰে । আনহাতে, ধৃত দুয়ােৰে স্বীকাৰোক্তিৰ ভিত্তিত কার্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নেতৃত্বত মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে দিছপুৰ থানাৰ আৰক্ষীৰ সহযােগত গুৱাহাটীত অভিযান চলায় । নিশাৰ ভাগত চলােৱা অভিযানত দিছপুৰ ডাউন টাউনৰ গােস্বামী লজত অভিযান চলাই আৰক্ষীয়ে আন্তঃৰাজ্যিক গাড়ী চোৰ চক্রৰ আন দুই সদস্যক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত চোৰ দুটা ইশ্ল ইষ্ট জিলাৰ ইৰিলবুং থানাৰ অন্তর্গত থিয়াম কনজিন মামাং লেইকাই নিবাসী থিয়াম ৰমেন সিং (32) আৰু ইস্ফল ইষ্ট জিলাৰ ইৰিলবুং থানাৰ অন্তর্গত কংবাখেত্রী লেইকাইৰ থকচম সুকুমাৰ সিং (25) বুলি চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক :কলঙক পুনৰ উজ্জীৱিত কৰিবলৈ 135 কোটি টকীয়া আঁচনিৰ শুভাৰম্ভণি

প্রসংগত্রমে উল্লেখনীয় যে, কেইমাহমান পূর্বে কার্বি আংলং জিলা আৰক্ষীয়ে পাহাৰীয়া জিলাখনৰ লগতে গুৱাহাটীত অভিযান চলাই বুজন সংখ্যক বিলাসী বাহনৰ লগতে এক বৃহৎ গাড়ী চোৰ চক্রক জালত পেলাবলৈ সক্ষম হৈছিল যদিও ইয়াৰ পিচতাে এতিয়াও চক্রতাে শক্তিশালী ভাৱে ৰাজ্যখনত সক্রিয় হৈ থকা বুলি জানিব পৰা গৈছে ৷ এই সন্দর্ভত ইতিপূর্বে মাঞ্জা থানাত পঞ্জীয়ন হৈ থকা 18/2020 নম্বৰৰ এক গােচৰৰ ভিত্তিত ধৃত আটাই কেইগৰাকীকে কাৰাগাৰলৈ প্রেৰণ কৰা হয় । আৰক্ষী সূত্রে প্ৰকাশ কৰা অনুসৰি, অপৰাধী চক্রই গুৱাহাটীৰ বিভিন্ন লজত বাহৰ পাতি এইদৰে গাড়ী চুৰি কার্যৰ সমগ্র কর্মকাণ্ড নিয়ন্ত্রণ কৰি আহিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :গৌৰীসাগৰত মিঞা মিউজিয়ামৰ বিৰোধিতাৰে AJYCPৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details