ডিফু, 7 নৱেম্বৰ :ডিফুত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ শুকুৰবাৰে নিশা কোনো অজ্ঞাত দুৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুৱাইছে এগৰাকী 70 বছৰীয়া বৃদ্ধই ৷ শনিবাৰে নিহত বুৰা ৰংফাৰৰ পুত্ৰই ডিফু আৰক্ষীক ফোনযোগে তেওঁৰ পিতৃক কোনো দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা বুলি অৱগত কৰে ৷
ডিফু থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে খুবুঙে সাংবাদিকক জনায় যে, বুৰা ৰংফাৰে ডিচামা মন তেৰাং গাঁৱত থকা এটি জুপুৰী ঘৰত শুই থকা অৱস্থাতে ৫ জনীয়া অচিনাক্ত দুৰ্বৃত্তৰ দলে হাতে হাতে বন্দুক লৈ আহি গুলীয়াই থৈ যায় ৷ পৰৱৰ্তী সময়ত এই কথা ফোনযোগে ৰংফাৰৰ পুত্ৰ ৰাজেন ৰংফাৰে আৰক্ষীক অৱগত কৰে ৷ এই খবৰ লাভ কৰি ততালিকে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটি দল ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷