হোজাই,17 জুলাই:ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ৷ কৰ’ণা ভাইৰাছ, লক ডাউন আৰু বানৰ পিছতে একাংশ ৰাজ্যবাসী সন্মুখীন হৈছে বন্যহস্তীৰ তাণ্ডৱৰ ৷ পশ্চিম কাৰ্বি আংলঙৰ মেনমেজিত বনৰীয়া হাতীয়ে সন্ত্ৰাস আৰু উপদ্ৰৱ চলাই জন-জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ বিশেষকৈ খাদ্যৰ সন্ধানত অঞ্চলটোলৈ বৃহস্পতিবাৰে নিশা ওলাই অহা এটি বনৰীয়া হাতীয়ে সঞ্জয় টেৰাং নামৰ লোকগৰাকীৰ লগতে আন দুটাকৈ পৰিয়ালৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে । আনকি ভঁৰালত মজুত ৰখা ধান, অন্যান্য খাদ্য সামগ্ৰী খাই তহিলং কৰে হাতীটোৱে । পৰৱৰ্তী সময়ত হাতীটোক খেদিবলৈ সক্ষম হয় গাঁওবাসীয়ে ৷
বন্যহস্তীৰ আক্ৰমণত বিধ্বস্ত তিনি পৰিয়ালৰ বাসগৃহ - মেনমেজি
বনাঞ্চল ধ্বংস কৰি বাসগৃহ নিৰ্মাণ কৰাৰ ফলত ৰাজ্যত বৃদ্ধি হৈছে হস্তী-মানৱৰ সংঘাত ৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ অহা এটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই পশ্চিম কাৰ্বি আংলঙৰ মেনমেজিত ৷
বন্যহস্তীৰ আক্ৰমণ