ডিফু,২৫ ফেব্ৰুৱাৰী :ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আছে ইটোৰ পিছত সিটো লোমহৰ্ষক হত্যাকাণ্ড ! গুৱাহাটীৰ ডাবল মাৰ্ডাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙত সংঘটিত হৈছে তেনে এক নিৰ্মম কাণ্ড (Double murder case in Guwahati) ৷ এইবাৰ স্বামীৰ হাতত মৃত্যুক আঁকোৱালি ল'লে দুই সন্তানৰ মাতৃয়ে । স্বামীয়ে চোকা অস্ত্ৰৰে পত্নীক হানি-খুচি হত্যা কৰাৰ অভিযোগ কৰিছে একাংশ লোকে । আনহাতে কোনো অনুতাপ নোহোৱাকৈয়ে মুকলিকৈ ঘূৰি ফুৰিছে অভিযুক্ত স্বামী ৷
এই ঘটনা সংঘটিত হৈছে অসম-নাগালেণ্ড সীমান্তৰ খটখটী থানাৰ অন্তৰ্গত পাকাআলিৰ নেপালী বস্তিত (Diphu murder case) ৷ পুৱা পৰিয়ালৰ লোকে তেজৰ দাগ প্ৰত্যক্ষ কৰি গাঁওৰক্ষী বাহিনীক খবৰ দিয়ে । লগে লগে গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । পৰিয়াল আৰু স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত স্বামী ৰাজেশ শৰ্মাক আটক কৰে ।
অভিযুক্ত স্বামীৰ স্বীকাৰোক্তিৰ ভিত্তিতেই ঘৰৰ ওচৰৰ এটা পুখুৰীৰ পৰা পত্নী পদুমী শৰ্মাৰ মৃতদেহ উদ্ধাৰ কৰে (Man killed his wife in Diphu)। হত্যাকাণ্ডত ব্যৱহৃত এখন দা আৰক্ষীয়ে উদ্ধাৰ কৰে । পৰিয়ালৰ লোকে জনোৱা মতে পত্নীক হত্যা কৰাৰ পাছতো কোনো অনুশোচনা নাই স্বামীৰ । কিয়নো স্বামী ৰাজেশ শৰ্মাই পুৱাৰে পৰা দৈনন্দিনৰ দৰে কাম কৰাৰ লগতে অন্যান্য লোকৰ ঘৰলৈও গৈছিল । গাঁওৰক্ষী বাহিনীয়ে সন্দেহ কৰা মতে নিশা প্ৰায় ১১ মান বজাত উক্ত হত্যাকাণ্ডটো সংঘটিত হৈছিল ।