ডিফু, ২৯ ডিচেম্বৰ : কাৰ্বি আংলং স্বায়ত্তশাসিত (Karbi Anglong Autonomous Council) পৰিষদীয় সমষ্টিৰ এমএচি (Member of Autonomous Council) তিলোত্তমা হাঞ্চুৱে শুকুৰবাৰে ১৯ নং ধনশিৰি সমষ্টিটোৰ অধীনৰ অসম-নাগালেণ্ড সীমান্তৰ বিভিন্ন দুৰ্গম অঞ্চল পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰে ৷ এমএচিগৰাকীয়ে ডিমাপুৰৰ গাতে লাগি থকা প্ৰথমে দিছাপুৰ অঞ্চল ভ্ৰমণ কৰে (MAC Tilottama Hanchu visited Assam Nagaland border) ৷
দিছাপুৰত স্থানীয় বাসিন্দাৰ সৈতে মত-বিনিময় কৰি অসম চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে গ্ৰহণ কৰা অৰুণোদয়কে আদি কৰি বিভিন্ন আঁচনিসমূহৰ লাভ জন সাধাৰণে পাইছেনে নাই সেই সন্দৰ্ভত প্ৰশ্ন কৰে ৷ অৰুণোদয় (Arunodoy scheme Assam Govt), ৰেচন কাৰ্ড, আধাৰ কাৰ্ড আদি নথি যদি স্থানীয় ৰাইজে লাভ কৰা নাই তেনেহ'লে শীঘ্ৰে এই আঁচনিসমূহ আহৰণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ কাষ চাপিবলৈ আহ্বান জনায় ৷ বিশেষকৈ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড নথকা লোকসকলক শীঘ্ৰে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ বাবে আবেদন জনাবলৈ পৰামৰ্শ দিয়ে ৷
এমএচিগৰাকীয়ে কয় যে আধাৰ কাৰ্ডৰ অবিহনে চৰকাৰী আঁচনি লাভ কৰাত অসুবিধা হয় ৷ আধাৰৰ জৰিয়তে চৰকাৰী আঁচনি সহজে লাভ কৰিব পাৰে বুলি এমএচিগৰাকীয়ে জানিবলৈ দিয়ে ৷ দিছাপুৰত এমএচিগৰাকীয়ে আৰু সমষ্টিটোৰ অধীনস্থ অতি দুৰ্গম দিখামচি নামৰ গাঁওখনত উপস্থিত হৈ সীমান্তঞ্চলৰ বাট-পথসমূহ পৰিদৰ্শন কৰে ৷