অসম

assam

ETV Bharat / state

স্বায়ত্ব শাসিত ৰাজ্যৰ সমৰ্থনত লোকসভাত প্ৰথমটো ভাষণ সাংসদ হৰেণছিং বেৰ - ডিফু লোকসভা সমষ্টি

ৰক্ষা কৰিলে সাংবাদিকৰ আগত দিয়া প্ৰতিশ্ৰুতি । সংসদৰ শূণ্যকালীন ঘন্টাত উত্থাপন কৰিলে পাৰ্বত্য অঞ্চলৰ বাবে পৃথক স্বায়ত্ব শাসিত ৰাজ্যৰ দাবী ৷

স্বায়ত্ব শাসিত ৰাজ্যৰ সমৰ্থনত লোকসভাত প্ৰথমটো ভাষণ সাংসদ হৰেণছিং বেৰ

By

Published : Jul 5, 2019, 8:25 AM IST

Updated : Jul 5, 2019, 9:20 AM IST

ডিফু,5 জুলাইঃ ৩ খন পাৰ্বত্য জিলাৰ একমাত্ৰ ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেণছিং বে'ক বুধবাৰে সৰৱ হোৱা দেখা লোকসভাৰ মজিয়াত । বিয়লি এক বজাৰ শূণ্যকালীন ঘন্টাত পাৰ্বত্য জিলাৰ বাবে স্বায়ত্ব শাসিত ৰাজ্যৰ দাবীত সৰৱ হৈ উঠে সাংসদ গৰাকী । ভাৰতীয় সংবিধানত ষষ্ঠ অনুসূচীৰ অধীনত জনজাতিৰ বাবে থকা ২৪৪ ( ক) ৰ আধাৰত স্বৰাজ্য ৰূপায়ণৰ সমৰ্থনত তেওঁ প্ৰদান কৰে প্ৰথমটো ভাষণ । পাৰ্বত্য জিলা তিনিখনলৈ অধিক ক্ষমতা হস্তান্তৰৰ বাবে সংবিধান প্ৰদত্ত ২৪৪( ক)ৰ ৰূপায়ণৰ বাবে তেওঁ যুক্তি দৰ্শায় । বিগত লোকসভা নিৰ্বাচনত বিপুল সংখ্যক ভোটত বিজয়ী হোৱা বিজেপি দলৰ সাংসদ গৰাকীয়ে নিজৰ ভাষণত বিজেপিৰ শীৰ্ষ নেতা এল কে আদৱানি আৰু ৰাজনাথ সিঙে তিনি জিলাক সামৰি স্বৰাজ্য প্ৰদান কৰাৰ নিৰ্বাচনোত্তৰ প্ৰতিশ্ৰুতিৰ কথাও নিজৰ উল্লেখ কৰে ।

Last Updated : Jul 5, 2019, 9:20 AM IST

ABOUT THE AUTHOR

...view details