অসম

assam

ETV Bharat / state

Lok Kalyan Divas: লোক কল্যাণ দিৱসত ডিফুৰ দুই কৰ্মচাৰীক লোক সেৱাৰ পদকেৰে সন্মানিত - কাৰ্বি আংলং জিলা

ডিফুত জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যাণ দিৱস উদযাপন ৷ দুগৰাকীকৈ কৰ্মচাৰীক অসম চৰকাৰৰ লোকসেৱা পদকেৰে সন্মানিত ৷ অনুষ্ঠানত উপস্থিত পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মহন ৷

Lok Kalyan Divas
Lok Kalyan Divas

By

Published : Aug 5, 2023, 10:48 PM IST

লোক কল্যাণ দিৱসত ডিফুৰ দুই কৰ্মচাৰীক লোক সেৱাৰ পদকেৰে সন্মানিত

ডিফু, ৫ আগষ্ট: সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুতো লোক প্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকী উপলক্ষে উদযাপন কৰা হয় লোক কল্যাণ দিৱস ৷ কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত ‘ডিফু লাংকুং হাবে মেম'ৰিয়েল টাউন হ’ল’ত আয়োজন কৰা লোক কল্যাণ কাৰ্যসূচীত মুখ্য অতিথি হিচাবে উপস্থিত থাকে পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মহন, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং, বিধায়কদ্বয় দৰচিং ৰংহাঙ আৰু বিদ্যাচিং ইংলেঙ, জিলা আয়ুক্ত মধুমিতা ভাগৱতী আৰু পদ্মশ্ৰী ধনেশ্বৰ ইংতি ৷

কাৰ্যসূচীৰ আৰম্ভণিতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মহনে ৷ জাতীয় সংগীতেৰে আৰম্ভ কৰা কাৰ্যসূচীৰ আদৰণি ভাষণ প্ৰদান কৰে জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে ৷

এই অনুষ্ঠানতে কাৰ্বি আংলঙৰ দুগৰাকীকৈ নিষ্ঠাবান কৰ্মচাৰীক অসম চৰকাৰৰ লোক সেৱাৰ পদকেৰে সন্মানিত কৰে ৷ জেনচিং ইংলেঙ আৰু মহাদেৱ ৰয়ৰ নিষ্ঠাবান কৰ্তব্য পৰায়ণতাৰ বাবে তেওঁলোকৰ চাকৰি কাৰ্যকাল অসম চৰকাৰে আৰু এবছৰৰ বাবে বৃদ্ধি কৰিছে ৷

দুয়োগৰাকী কৰ্মচাৰীক গামোচা, কাৰ্বি গামোচা, সম্বৰ্ধনা পত্ৰ আৰু মান পত্ৰ প্ৰদান কৰা হয় ৷ উল্লেখ্য যে জেনচিং ইংলেং ডিফুৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত পিয়ন আৰু মহাদেৱ ৰয় ডিফুস্থিত জিলা আয়ুক্ত কাৰ্যালয়ত মালী হিচাবে কৰ্মৰত কৰ্মচাৰী ৷ দুয়োগৰাকী কৰ্মচাৰীক মন্ত্ৰী যোগেন মহনে নিজ হাতেৰে সম্বৰ্ধনা জনায় ৷ ভাষণ প্ৰসংগত মন্ত্ৰী যোগেন মহনে এই দুগৰাকী কৰ্মচাৰী সকলোৰে বাবে আদৰ্শ হ’ব লাগে বুলি মন্তব্য কৰে ৷

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে অসমক বিভাজিত নকৰাকৈ বৰ অসমৰ গঢ়িবলৈ পাৰ্বত্য জিলাৰ বাবে স্বায়ত্ত শাসিত ৰাজ্য বিচাৰিছে ৷ কোনো জাতি-জনগোষ্ঠীৰ লগত সংঘাত কৰা নাই ৷ পাৰ্বত্য জিলা তিনিখনত বৰ্তমান শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে, সেয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে স্বায়ত্ত ৰাজ্য দিব বুলি তেওঁ আশাবাদী বুলি কয় ৰংহাঙে ৷

আনহাতে বিধায়ক বিদ্যাচিং ইংলেঙে নিজৰ ভাষণ প্ৰসংগত লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে কিদৰে জীৱনত কৃতকাৰ্য হৈ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত হৈ লোক কল্যাণৰ বাবে কাম কৰি গৈছিল তাৰ ওপৰত আলোকপাত কৰি তেওঁৰ জীৱনাদৰ্শৰ বিস্তৃত বাখ্যা আগবঢ়ায় ৷

লগতে পঢ়ক:Bharat Jodo Yatra 2: ছেপ্টেম্বৰত ৰাহুল গান্ধীৰ দ্বিতীয় লানি ভাৰত জোড়ো কাৰ্যসূচী অৰুণাচলৰ পাছিঘাটৰ পৰা

ABOUT THE AUTHOR

...view details