অসম

assam

ETV Bharat / state

উগ্ৰপন্থীৰ গুলীত প্ৰাণাহুতি দিয়া শ্বহীদ জোৱানৰ স্মৃতি উন্মোচন পুত্ৰৰ - জিলা আৰক্ষী

অসম আৰক্ষীৰ বীৰ শ্বহীদ কীৰ্তিচক্ৰ গৌতম কোচৰ স্মৃতিত কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট থানাৰ অন্তৰ্গত 1 নং বালিজান গাঁৱৰ 1 নং বালিজান প্ৰাথমিক বিদ্যালয়ৰ চৌহদত জিলাখনৰ আৰক্ষীয়ে নিৰ্মাণ কৰি উলিওৱা চৌহদৰ দেৱাল আৰু প্ৰৱেশ পথৰ তোৰণৰ শনিবাৰে শুভ উন্মোচন কৰা হয় ।

little-son-inaugurate-father-martyr-in-diphu
উগ্ৰপন্থীৰ গুলীত প্ৰাণাহুতি দিয়া শ্বহীদ জোৱানৰ স্মৃতি উন্মোচন কৰিলে শিশু পুত্ৰই

By

Published : Jan 9, 2021, 9:49 PM IST

ডিফু,9 জানুৱাৰী :কাৰ্বি আংলং আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপৰ বাবেই এটি কণমানি শিশু পুত্ৰই উগ্ৰপন্থীৰ গুলীত প্ৰাণাহুতি দি শ্বহীদ বৰণ কৰাৰ পিতৃৰ স্মৃতি তোৰণ উদ্ধোধন কৰিবলৈ সুযোগ পালে ৷ কাৰ্বি আংলং আৰক্ষীৰ এনে পদক্ষেপক বিজ্ঞ মহলে উচ্চ প্ৰশংসা কৰিছে ৷

উগ্ৰপন্থীৰ গুলীত প্ৰাণাহুতি দিয়া শ্বহীদ জোৱানৰ স্মৃতি উন্মোচন কৰিলে শিশু পুত্ৰই

অসম আৰক্ষীৰ বীৰ জোৱান বীৰ শ্বহীদ কীৰ্তিচক্ৰ গৌতম কোচৰ স্মৃতিত কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট থানাৰ অন্তৰ্গত 1 নং বালিজান গাঁৱৰ 1 নং বালিজান প্ৰাথমিক বিদ্যালয়ৰ চৌহদত জিলাখনৰ আৰক্ষীয়ে নিৰ্মাণ কৰি উলিওৱা চৌহদৰ দেৱাল আৰু প্ৰৱেশ পথৰ তোৰণৰ শনিবাৰে শুভ উন্মোচন কৰা হয় ।

চৌহদৰ দেৱালৰ শুভ উন্মোচন অনুষ্ঠানৰ দৃশ্য

স্মৰ্ত্তব্য যে, 2014 চনৰ 23 জুনত অসম-নাগালেণ্ড সীমান্তৱৰ্তী তথা ধনশিৰি থানাৰ অন্তৰ্গত হাঞ্চে গাঁও নামৰ এক ভিতৰুৱা অঞ্চলত উগ্ৰপন্থীৰে হোৱা তুমুল সংঘৰ্ষত বকলীয়াঘাট নগৰৰ 1 নং বালিজানৰ যুৱক তথা অসম আৰক্ষীৰ এগৰাকী সাহসী জোৱান গৌতম কোচ নিহত হয় । উগ্ৰপন্থীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি প্ৰাণ আহুতি দিয়া বীৰ জোৱানজনক পিচত মৰণোত্তৰভাৱে সন্মানীয় কীৰ্তি চক্ৰৰ সন্মানো প্ৰদান কৰা হয় । এই বীৰ জোৱানগৰাকীৰ প্ৰতি সন্মান জনাই বীৰ শ্বহীদ গৌতম কোচে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা 1 নং বালিজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত কাৰ্বি আংলং জিলা আৰক্ষীৰ তৰফৰ পৰা বিদ্যালয়ৰ চৌহদৰ দেৱালৰ একাংশ আৰু প্ৰৱেশ দ্বাৰত এখন সুদৃশ্য তোৰণ নিৰ্মাণ কৰা হয় । বীৰ শ্বহীদগৰাকীৰ শৈশৱৰ স্মৃতি বিজড়িত 1 নং বালিজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত নিৰ্মিত তোৰণৰ শনিবাৰে শুভ উন্মোচন কৰে বীৰ শ্বহীদ গৌতম কোচৰ ছয় বছৰীয়া কণমানি পুত্ৰ তুষাৰ কোচে ৷

চৌহদৰ দেৱালৰ শুভ উন্মোচন অনুষ্ঠানৰ

উল্লেখযোগ্য যে, কণমানি তুষাৰে পৃথিৱীৰ পোহৰ দেখাৰ কেইমাহমান পূৰ্বে শত্ৰুৰ বিৰুদ্ধে সাহসেৰে যুঁজি শ্বহীদ হৈছিল পিতৃ । পৃথিৱীৰ পোহৰ দেখাৰে পৰা পিতৃৰ স্নেহ স্পৰ্শৰ পৰা বঞ্চিত হোৱা তুষাৰ বৰ্তমান কে জি 1 ৰ ছাত্ৰ । সেই কণমানি তুষাৰেই আজি শ্বহীদ পিতৃৰ স্মৃতিত নিৰ্মিত তোৰণৰ শুভ উন্মোচন কৰি বিৰল অভিজ্ঞতাৰ সাক্ষী হৈ ৰয় । এই দৃশ্যই শ্বহীদগৰাকীৰ পৰিয়ালৰ লগতে উপস্থিত ৰাইজৰ মাজতো এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে ।

পিতৃক সম্বৰ্ধনা জনোৱাৰ মুহূৰ্ত

তোৰণ আৰু চৌহদৰ দেৱালৰ শুভ উন্মোচন অনুষ্ঠানৰ পিচতে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে বীৰ শ্বহীদ গৌতম কোচৰ পিতৃ ডিম্বেশ্বৰ কোচ, মাতৃ পুতুলী কোচ, পত্নী মনালিছা বৰা কোচ আৰু একমাত্ৰ পুত্ৰ তুষাৰ কোচক ফুলাম গামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনায় । অনুষ্ঠানটোৰ আঁত ধৰে বকলীয়াঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনজিত তেৰাঙে । ইয়াৰ পিচতে বিদ্যালয় প্ৰাংগনত চৰকাৰী গাঁওবুঢ়া অকন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে বীৰ শ্বহীদ গৌতম কোচৰ ত্যাগ সমাজৰ বাবে গৌৰৱৰ বিষয় বুলি মন্তব্য কৰি গৌতম কোচৰ এই ত্যাগ নৱ প্ৰজন্মৰ বাবে এক আদৰ্শ বুলি মন্তব্য কৰে ।

গৌতম কোচৰ দেশপ্ৰেমৰ এনে মহান নিদৰ্শনে অনাগত দিনত উঠি অহা প্ৰজন্মক উদ্বুদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে । ভৱিষ্যতে বীৰ শ্বহীদগৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে অসম আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে কয় । আনহাতে, স্থানীয় ৰাইজৰ অনুৰোধ অনুসৰি শ্বহীদ গৌতম কোচৰ ঘৰলৈ যোৱা পথছোৱা জিলা আৰক্ষীয়ে পকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে আশ্বাস প্ৰদান কৰে ।

জিলা আৰক্ষীৰ উপ-অধীক্ষক নাহিদ কৰিশ্মা, শ্বহীদ গৌতম কোচৰ পিতৃ ডিম্বেশ্বৰ কোচকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে সভাখনত ভাষণ প্ৰদান কৰি বীৰ শ্বহীদগৰাকীৰ মহান ত্যাগক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে । উক্ত সভাতে গাঁওখনৰ ৰাইজে বীৰ শ্বহীদ গৌতম কোচৰ এটি আৱক্ষ মূৰ্তি স্থাপন, গৌতম কোচৰ নামেৰে এটি পথৰ নামকৰণৰ আবেদন জনাই আৰক্ষী অধীক্ষকগৰাকীক এখনি স্মাৰকপত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক :চি চি টিভিত বন্দী তামিলনাডুৰ দুৰ্ঘটনাৰ লোমহৰ্ষক দৃশ্য

ABOUT THE AUTHOR

...view details