অসম

assam

ETV Bharat / state

ডিফুত অনুষ্ঠিত হ’ব সাহিত্য সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহ ২০২২

৯ আৰু ১০ এপ্ৰিলত বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুত অনুষ্ঠিত হ’ভ সাহিত্য-সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহ ২০২২ (Literary Culture and convention program 2022 will be held at Diphu) ৷ যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে ৷

ডিফুত অনুষ্ঠিত হ’ব সাহিত্য সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহ ২০২২
ডিফুত অনুষ্ঠিত হ’ব সাহিত্য সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহ ২০২২

By

Published : Apr 3, 2022, 8:50 PM IST

ডিফু, ৩ এপ্ৰিল :কলা-কৃষ্টি, সংস্কৃতিৰে চহকী পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত আগন্তুক ৯ আৰু ১০ এপ্ৰিলত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব সাহিত্য সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহ ২০২২ (Literary Culture and convention program 2022) ৷ অসম সাহিত্য সভাৰ উদ্যোগত কাৰ্বি সাংস্কৃতিক সমাজ আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সহযোগত ডিফুৰ জয়ছিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই সমাৰোহ ৷

ডিফুত অনুষ্ঠিত হ’ব সাহিত্য সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহ ২০২২

২০২২ বৰ্ষৰ এই সমাৰোহৰ শুভ উদ্বোধন কৰিব কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে ৷ এই সন্দৰ্ভত দেওবাৰে পুৱা ডিফু ৰাংছিনা ভৱনত আয়োজন কৰা হয় এক সংবাদমেলৰ ৷ এই সংবাদমেলতে সমাৰোহটিৰ আদৰণি সমিতিৰ সভাপতি তথা ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙে কয় যে, আগন্তুক ৯ আৰু ১০ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া সাহিত্য-সংস্কৃতি আৰু সম্প্ৰীতিৰ বৰ্ণাঢ্য সমাৰোহত অসমৰ বিভিন্ন জনগোষ্ঠীৰ প্ৰায় ২০ দলে অংশ গ্ৰহণ কৰিব ৷

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বহুভাষী কবি সন্মিলনৰ আয়োজন কৰাৰ লগতে কাৰ্বি আংলং জিলাৰ চিত্ৰ আৰু ভাস্কৰ্য শিল্প চহকী বহু কেইগৰাকী শিল্পীৰ চিত্ৰ আৰু ভাস্কৰ্য প্ৰদৰ্শনীৰ আয়োজন কৰা গৈছে ৷ লগতে এই সমাৰোহটি অসম সাহিত্য সভাৰ সভাপতি আৰু উপ সভাপতিদ্বয় ক্ৰমে, কুলধৰ শইকীয়া আৰু মৃণালিনী দেৱীৰ লগতে অসম সাহিত্য সভাৰ বিষয়ববীয়া সকলো উপস্থিত থাকিব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷

ইয়াৰোপৰি ৯ এপ্ৰিলৰ সমাৰোহৰ উদ্বোধনী অনুষ্ঠানতে অসম সাহিত্য সভাই জয়ছিং হাঞ্চে সোঁৱৰণি বঁটা আৰু ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য বঁটা প্ৰদান কৰা হ’ব ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে সমাৰোহৰ আদৰণি সমিতিৰ সভাপতি বিদ্যাছিং ইংলেঙে ৷

লগতে পঢ়ক :Paddy seeds production in Assam : ধানৰ বীজ উৎপাদনত স্বাৱলম্বী হৈছে অসম

ABOUT THE AUTHOR

...view details