অসম

assam

ETV Bharat / state

List of EM of KAAC announced: ঘোষণা হ'ল কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্যৰ নাম তালিকা

বহু প্ৰতিক্ষাৰ অন্তত ঘোষণা কৰা হ'ল কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্যৰ নাম (List of EM of KAAC announced) ৷ মঙলবাৰে নৱ নিৰ্বাচিত পৰিষদৰ কাৰ্যবাহী সদস্যসকলক বিতৰণ কৰা হয় দপ্তৰ (Newly elected EM of KAAC were distributed portfolios) ৷

Karbi Anglong Autonomous Council
ঘোষণা হ'ল ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ নামৰ তালিকা

By

Published : Jul 19, 2022, 8:31 PM IST

ডিফু, ১৯ জুলাই : বহু জল্পনা-কল্পনাৰ অন্তত মঙলবাৰে ঘোষণা কৰা হ'ল ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ নামৰ তালিকা (List of EM of KAAC announced)৷ যোৱা ৮ জুনত ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গ্ৰহণ সম্পন্ন হৈ (KAAC election 2022) ১২ জুনত অনুষ্ঠিত হৈছিল ভোট গণনা । ফলাফলত কাৰ্বি আংলং জিলাৰ ২৬ টা পৰিষদীয় সমষ্টিৰ আটাইকেইটাই বিজেপিয়ে দখল কৰিবলৈ সক্ষম হয় ।

বিগত ২০ জুনত অসমৰ ৰাজ্যপাল জগদীশ মুখী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তাৰালাংছত নৱ নিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰে ৷ শপত গ্ৰহণ সমাৰোহৰ এমাহ পিছত আজি অৰ্থাৎ মঙলবাৰে নিৰ্বাচিত পৰিষদসকলৰ মাজত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সভাগৃহত কাৰ্যবাহী সদস্যৰ লগতে দপ্তৰসমূহ বিতৰণ কৰা হয় (Newly elected EM of KAAC were distributed portfolios) ৷

ঘোষণা হ'ল ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ নামৰ তালিকা

এই সমাৰোহত উপস্থিত থাকে কাৰ্বি পৰিষদৰ অধ্যক্ষ ৰাজু তিছ, কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং, সাংসদ হৰেন সিং বে, বিধায়ক দৰছিং তেৰণ, অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন আৰু কাৰ্বি পৰিষদৰ সদস্যসকল ৷ মঙলবাৰে ঘোষিত কাৰ্যবাহী সদস্যসকল ক্ৰমে, অমৰছিং তিচ, মঙলছিং তিমুঙ, মুকুট মহন্ত, লুণছিং টেৰণ, ডি উফিম মাছলাই, ৰিতেশ ইংহি, প্ৰভাত চন্দ্ৰ তাৰ', ৰিচাৰ্ড টকবী, সূৰ্য ৰংফাৰ, কাংবুৰা কিলিঙ, ৰিণা তেৰাঙপী, মধুৰাম লেকথে আৰু বিলি মোহন খাকলাৰী ৷

মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে নিৰ্বাচিত কাৰ্যবাহী সদস্যসকলক নিজ নিজ কাৰ্যালয়ত সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে কয় যে, ৰাজ্যপালৰ অনুমোদন মৰ্মে ১৩ গৰাকী সদস্যক কাৰ্যবাহী সদস্য পদৰ দায়িত্ব অৰ্পণ কৰা হয় ৷ আৰু দুগৰাকী কাৰ্যবাহী সদস্য শীঘ্ৰে দিয়া হ’ব বুলি উল্লেখ কৰে ড৹ তুলিৰাম ৰংহাঙে ৷

লগতে পঢ়ক :FIR Against Pankaj Pathak: পিছে কোন এই পংকজ পাঠক ?

ABOUT THE AUTHOR

...view details