ডিফু, 31 জুলাই: কেন্দ্ৰ আৰু অসমত শাসনৰ গাদী দখল কৰি থকা বিজেপি চৰকাৰে শান্তি চুক্তি স্বাক্ষৰ প্ৰক্ৰিয়াৰে অসম তথা উত্তৰ-পূবৰ বহু কেইটা বিদ্ৰোহী সশস্ত্ৰ পথৰ পৰা আঁতৰাই আনিছে যদিও বৰ্তমানেও এই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠা নাই ৷ বিভিন্ন কাৰণত জংঘললৈ গৈ হাতত বন্দুক তুলি লৈছে একাংশ যুৱকে ৷ জনজাতীয় বিদ্ৰোহ অসমত শেষ হোৱা বুলি চৰকাৰে দাবী কৰিলেও কিন্তু এতিয়াও দুই এটা সংগঠনে গোপনে কাৰ্য-কলাপ চলাই যোৱাৰ তথ্যা মাজে-সময়ে পোৱা যায় ৷
এইবাৰ ইউনাইটেড পিপুলছ ফ্ৰণ্ট অফ কাৰ্বি আংলং চমুকৈ UPFKL নামৰ এটা সংগঠনে কাৰ্বি পাহাৰত আত্মপ্ৰকাশ কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ ইতিমধ্যে আৰক্ষী জালত পৰিছে সংগঠনটোৰ দুগৰাকী সদস্য ৷ কাৰ্বি আংলঙৰ মাঞ্জাত আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰসহ জালত পৰিছে দুই যুৱক ৷
শুকুৰবাৰে আৰক্ষী আৰু চি 20 চি আৰপিএফে যৌথ অভিযান চলাই মাঞ্জা তিনি আলিত এ এছ ০১ ই এফ ০১৫২ পঞ্জীয়ন নম্বৰৰ এল্ট' বাহনৰ পৰা ইউনাইটেড পিপুলছ ফ্ৰণ্ট অফ কাৰ্বি আংলং চমুকৈ ইউপিএফকেএলৰ ৪১ খন ধনদাবী পত্ৰ উদ্ধাৰ কৰে ৷ লগতে ঘটনা সন্দৰ্ভত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে ৷ আটকাধীন লোক কেইজন ক্ৰমে পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিন্দিং থানাৰ অন্তৰ্গত ৰংচিজেং গাঁৱৰ ধনচিং ফাংচ'ৰ পুত্ৰ ৰাজেশ ফাংচ' (33), একে জিলাৰ মুথা গাঁৱৰ লংচিং ইংতিৰ পুত্ৰ সঞ্জয় ইমতি (32) বুলি জানিব পৰা গৈছে ৷