ডিফু, ৩ এপ্ৰিল :ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচতো ৰাজ্যত অসম আৰক্ষীয়ে নাকী লগাব পৰা নাই সুৰাৰ ব্যৱসায়ী তথা সৰবৰাহকাৰীক ৷ বৰ্তমানো ৰাজ্যত চলিছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ কাৰ্বি আংলং জিলা আৰক্ষীয়েও ধাৰাবাহিকভাৱে নিসিদ্ধ সুৰাৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷ কিয়নো বিভিন্ন সময়ত কাৰ্বি আংলং জিলাৰ মাজেৰে চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ সুৰা সৰবৰাহৰ বহু তথ্য পোহৰলৈ অহা পৰিলক্ষিত হৈছে ৷
ইয়াৰ মাজতে সোমবাৰে অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে (Large number of Arunachal liquor seized at Diphu)। প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটীৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা এন এল -০১-এ ই-৩৬৬৬ নম্বৰৰ ট্ৰাকখনত আৰক্ষীয়ে চলাই তালাচী অভিযান ৷ এই অভিযানত আৰক্ষীয়ে বিভিন্ন ব্ৰেণ্ডৰ অৰুণাচলী সুৰাৰ ৮৬৯ টা কাৰ্টন জব্দ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক :Illegal liquor seized : শোণিতপুৰত ২৫ লাখ টকাৰ অৰুণাচলী সুৰা জব্দ, দুজনক আটক