অসম

assam

By

Published : Feb 12, 2021, 10:06 PM IST

Updated : Feb 12, 2021, 10:33 PM IST

ETV Bharat / state

পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ বিলুপ্তি প্ৰসংগক লৈ দল-সংগঠনৰ প্ৰতিক্ৰিয়া

পাৰ্বত্য এলেকা উন্নয়ন বিভাগটোৰ বিলুপ্তি কৰি ষষ্ঠ অনুসূচী এলেকা উন্নয়ন পৰিষদ গঠনৰ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনে ৷ এক সংবাদমেল সম্বোধন কৰি চিচিইউয়ে শনিবাৰে 10 ঘণ্টীয়া পাৰ্বত্য জিলাৰ বন্ধ ঘোষণা কৰিছে ৷ একেদৰে ষষ্ঠ অনুসূচী এলেকা উন্নয়ণ পৰিষদ গঠনৰ কেবিনেটৰ সিদ্ধান্তক কাৰ্বি আংলং জিলাৰ কোনো দল-সংগঠনে মানি নলয় বুলি কেএছৱাইচি আৰু কেএফএয়ে স্পষ্ট কৰি দিয়ে ৷

KSYC KFA HOLD JOINT PRESS MEET ON ABOLISHED HAD
পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ বিলুপ্তি প্ৰসংগক লৈ দল-সংগঠনৰ প্ৰতিক্ৰিয়া

ডিফু, ১২ ফেব্ৰুৱাৰীঃদুই পাৰ্বত্য জিলা ক্ৰমে কাৰ্বি আংলং আৰু ডিমা হাচাওৰ উন্নয়নৰ বাবে থকা পাৰ্বত্য এলেকা উন্নয়ন বিভাগটোৰ বিলুপ্তি কৰি ষষ্ঠ অনুসূচী এলেকা উন্নয়ন পৰিষদ গঠনৰ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনে ৷ শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি চিচিইউয়ে শনিবাৰে 10 ঘণ্টীয়া পাৰ্বত্য জিলাৰ বন্ধ ঘোষণা কৰিছে ৷

পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ বিলুপ্তি প্ৰসংগক লৈ দল-সংগঠনৰ প্ৰতিক্ৰিয়া

ইয়াৰ সমান্তৰালভাৱে বিয়লি কেএছৱাইচি আৰু কেএফএয়ে যুটীয়াভাৱে এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত কেএছৱাইচি আৰু কেএফৰ বিষয়ববীয়া বিপুল তিচ' আৰু টিংকু ইংতিয়ে সাংবাদিকক সম্বোধন কৰে ৷ সংবাদমেলত ষষ্ঠ অনুসূচী এলেকা উন্নয়ণ পৰিষদ গঠনৰ কেবিনেটৰ সিদ্ধান্তক কাৰ্বি আংলং জিলাৰ কোনো দল-সংগঠনে মানি বুলি নলয় স্পষ্ট কৰি দিয়ে ৷

ইফালে, পাৰ্বত্য উন্নয়ণ মন্ত্ৰী ছুম ৰংহাঙৰ লগতে পাৰ্বত্য জিলাৰ চাৰিজন বিধায়কে কেবিনেটৰ সিদ্ধান্তৰ বিৰোধিতা নকৰাত তেওঁলোকক পদত্যাগৰ দাবী কৰে সংগঠন কেইটাৰ বিষয়ববীয়া সকলে ৷ তদুপৰি ডিফুস্থিত জিলা কংগ্ৰেছ কাৰ্যালয়তো এক সংবাদ মেলৰ যোগেদি কাৰ্বি আংলং জিলা কংগ্ৰেছে কেবিনেটৰ উক্ত সিদ্ধান্তৰ বিৰোধীতা কৰে ৷

লগতে পঢ়ক: অসম বচাওঁ আহক কাৰ্যসূচীৰে ৰাইজৰ কাষ চপাৰ চেষ্টা কংগ্ৰেছৰ

Last Updated : Feb 12, 2021, 10:33 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details