অসম

assam

By

Published : Feb 6, 2022, 2:55 PM IST

Updated : Feb 6, 2022, 5:11 PM IST

ETV Bharat / state

সীমান্তঞ্চলৰ উচ্ছেদ সন্দৰ্ভত KSA তথা সহযোগী সংগঠনৰ সংবাদমেল

ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত কেএছএ আৰু সহযোগী সংগঠনৰ সংবাদমেল ৷ সংবাদমেলযোগে সীমান্তঞ্চলৰ উচ্ছেদকলৈ ৰাজনীতি নকৰিবলৈ আহ্বান কেএছএ আৰু সহযোগী সংগঠনৰ (Press meet of KSU) ৷

Press meet of KSA and many organizations
সীমান্তঞ্চলৰ উচ্ছেদ সন্দৰ্ভত KSA তথা সহযোগী সংগঠনৰ সংবাদমেল

ডিফু, ৫ ফেব্ৰুৱাৰী : অসম নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলং জিলাৰ দুদুকলনি আৰু বালিজান খান বস্তিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে চলোৱা উচ্ছেদক পূৰ্ণ সমৰ্থন জনাইছে কাৰ্বি ছাত্ৰ সন্থা চমুকৈ কেএছএ(KSA) আৰু কাৰ্বি ষ্টুডেণ্ট ইউনিয়ন চমুকৈ কেএছইউয়ে(KSU) ৷ সেয়ে এই সন্দৰ্ভত শনিবাৰে এক সংবাদমেল অনুষ্ঠিত কৰা হয়(press meet of KSA and many organizations) ৷ এই সংবাদমেলত উপস্থিত থাকে কেএছএৰ 'ইংলেংফ'ৰ সভাপতি থানছিং তিমুঙ আৰু আৰু কেএছইউৰ সভাপতি ৰুস্তম ৰংফাৰ ৷

সীমান্তঞ্চলৰ উচ্ছেদ সন্দৰ্ভত KSA তথা সহযোগী সংগঠনৰ সংবাদমেল

শনিবাৰে ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত কেএছএ আৰু কেএছইউয়ে এক যুটীয়া সংবাদমেলৰ(Press meet of KSA) আয়োজন কৰি কেএছএ( লামডিং ৰোড) ৰ সভাপতি ছিমিয়ন ৰংফাৰে কয়যে, "কেএছএৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান জনাই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত সীমান্তঞ্চলৰ দুদু কলনি আৰু বালিজান খান বস্তিত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলোৱা হৈছিল ৷ সেয়ে তেনে কাৰ্যৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু স্থানীয় প্ৰশাসনক কেএছএ আৰু ইয়াৰ সহযোগী সংগঠন সমূহে ধন্যবাদ জ্ঞাপন কৰে ৷

আনহাতে উক্ত উচ্ছেদকলৈ একাংশ ৰাজনৈতিক দল সংগঠনে বিৰোধিতা কৰা পৰিলক্ষিত হৈছে বিশেষকৈ এপিএইছএলচিৰ কথা উল্লেখ কৰি ছাত্ৰ নেতা ছিমিয়ন ৰংফাৰে সংবাদমেলত কয় যে, "উচ্ছেদ কাৰ্যৰ বিৰোধিতা নকৰি পৰিষদ আৰু প্ৰশাসনক সহযোগ কৰিব লাগে ৷ কেৱল দুদু কলনি আৰু খান বস্তিয়েই নহয় জিলাখনৰ অবৈধ বেদখলকাৰীক পৰিষদ তথা প্ৰশাসনে উচ্ছেদ কৰিব লাগে ৷ উচ্ছেদিত ভূমিত কাৰ্বি আংলঙৰ ভূমি বেদখল হৈছে নে নাই এই সন্দৰ্ভত ক্ষেত্ৰভিত্তিক তদন্ত কৰিলেই সকলো তথ্য ওলাই পৰিব বুলি মন্তব্য কৰে ৰংহাঙে ৷


লগতে পঢ়ক :কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত প্ৰশাসনে চলাব উচ্ছেদ

Last Updated : Feb 6, 2022, 5:11 PM IST

ABOUT THE AUTHOR

...view details