ডিফু, ৭ আগষ্ট : অৱশেষত অসম-মেঘালয় সীমান্তৰ কাৰ্বি আংলঙৰ ভূমিত মেঘালয়ৰ বেদখলক লৈ উদ্বিগ্ন হৈ পৰিছে কাৰ্বি ছাত্ৰ সন্থা ৷ যাৰ বাবে ডিফু-লামডিং ৰোডস্থিত কাৰ্বি ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলযোগে সংগঠনটোৱে মেঘালয়ৰ বেদখলক লৈ ক্ষোভ উজাৰে । কাৰ্বি ছাত্ৰ সন্থাৰ উপদেষ্টা লাইচান ইংলেঙে এই ক্ষেত্ৰত অসম চৰকাৰক কঠোৰ হ'বলৈ আহ্বান জনায় ৷
সংবাদমেলৰ আৰম্ভণিতে অসম-মিজোৰাম সীমান্তত অসমৰ আৰক্ষীৰ জোৱানক কৰা বৰ্বৰ আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে সংগঠনটোৰ শীৰ্ষ নেতা গৰাকীয়ে ৷ অসম-মেঘালয়ৰ সীমা সমস্যাকলৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত হোৱা আলোচনাৰ পাচতে পশ্চিম কাৰ্বি আংলং জিলাৰ চিনথং সমষ্টিৰ ব্লক ১ আৰু ব্লক ২ত কাৰ্বিৰ লগতে বিভিন্ন জনগোষ্ঠীৰ প্ৰায় ২২ টা জনগোষ্ঠীৰ গাঁৱত মেঘালয়ে বেদখলৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰে লাইচান ইংলেঙে ৷ মেঘালয়ৰ এনে চেষ্টাক সংগঠনটোৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে ঐক্যবদ্ধভাৱে বাধা প্ৰদান কৰিছে ৷
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ(Himanta Biswa Sarma) সৈতে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে সীমা সমস্যাক লৈ কৰা আলোচনাৰ সিদ্ধান্ত যিয়ে নহওক কাৰ্বি আংলঙৰ ১ ইঞ্চি ভূমিও যাতে মেঘালয়ক দিয়া নহয় তাৰ প্ৰতি সতৰ্ক কৰি দিয়ে নেতা গৰাকীয়ে ৷ ইয়াৰোপৰি কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে (Tuliram Ronghang) সততে বুকু ফিন্দাই কৈ অহা "কাৰ্বি আংলঙৰ ১ ইঞ্চি ভূমি কাকো এৰি দিয়া নহ'ব" বুলি কোৱা কথাষাৰৰ মৰ্যাদা অটুট ৰাখিবলৈ সংগঠনটোৱে আহ্বান জনাইছে ৷