ডিফু, ১৯ ছেপ্তেম্বৰ :যোৱা ৪ ছেপ্তেম্বৰত কাৰ্বি আংলঙৰ ছটাকৈ প্ৰাক্তন উগ্ৰপন্থী সংগঠনৰ সৈতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে এমাহৰ ভিতৰত সংগঠন সমূহ ভংগ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ ইয়াৰ পিছত দেওবাৰে কেপিএলটিয়ে আনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰিছে ৷ সংগঠনটোৰ বকলীয়াঘাট আৰু কলঙাৰ শিৱিৰত সংগঠনটোৰ পতাকা সম্বৰণ কৰি সংগঠনটো ভংগ হোৱাৰ আনুষ্ঠানিকতা সম্পন্ন কৰে ৷
ইয়াৰ পূৰ্বে পূব কাৰ্বি আংলং জিলাৰ কেপিএলটিৰ বকলীয়াঘাট শিৱিৰৰ সাধাৰণ সম্পাদক ৱজাৰু হানজাং আৰু সহকাৰী সাধাৰণ সম্পাদক এছ ক্ৰনিহাঙে সংবাদমেল সম্বোধন কৰি সংগঠনটো আনুষ্ঠানিকভাৱে ভংগ হোৱাৰ কথা ঘোষণা কৰে ৷ অনাগত সময়ত জিলাবাসীৰ মূলদাবী ২৪৪(ক) সন্দৰ্ভত আলাপ-আলোচনাৰ মাধ্যমেৰে আগবঢ়া হ’ব বুলি মন্তব্য কৰে নেতাদ্বয়ে ৷