ডিফু, ১২ ডিচেম্বৰ : কাৰ্বি আংলঙৰ ডকমকাত আৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত গুলীয়াগুলী ৷ আৰক্ষীৰ গুলীত নিহত এটা দুৰ্বৃত্ত (miscreant shot dead in Dakmaka) ৷ অপহৰণৰ ঘটনাত জড়িত আছিল নিহত দুৰ্বৃত্তটো ৷ যোৱা দহ ডিচেম্বৰৰ পুৱতি নিশা ডকমকা থানাৰ অন্তৰ্গত লক্ষ্য টকবি গাঁৱত থকা ডবকা- ডিমাপুৰ সংযোগী চাৰি লেনযুক্ত পথ নিৰ্মাণৰ দায়িত্বত থকা স্কাইলাৰ্ক কোম্পানীৰ শিলৰ কোৱেৰীত কৰ্তব্যৰত এজন মেকানিক অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে অপহৰণ কৰি নিয়ে ।
কৰ্মচাৰী গৰাকীৰ অপহৰণৰ পিছতে আৰক্ষীৰ এটা বৃহৎ দলে ডকমকা এলেকাত অপহৰণকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে । উক্ত অভিযানত আৰক্ষীয়ে তথ্য প্ৰযুক্তিৰো সহায় লয় ৷ ইয়াৰ মাজতে অপহৰণকাৰী দলে কোম্পানীৰ পক্ষৰ পৰা কৰ্মচাৰী গৰাকীৰ মুক্তিপণ হিচাপে ত্ৰিশ লাখ টকা দাবী কৰে ।
সেই অনুসৰি, সোমবাৰে বিয়লি ডকমকা থানাৰ অন্তৰ্গত কানিয়া ইংতি গাঁৱত দাবী কৰা ধন নিবলৈ অপহৰণকাৰী অহাৰ আগতীয়া তথ্য লাভ কৰি কাৰ্বি আংলং জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, বকলীয়াঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনজিৎ তেৰাং, উপ-পৰিদৰ্শক নৱজিৎ দাস, ডকমকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলমণি মালাকাৰৰ নেতৃত্বত আৰক্ষী আৰু চিআৰপিএফৰ এটা দলে চাৰিটা গোটত অপহৰণকাৰীৰ বিৰুদ্ধে অভিযান চলায় (Assam police and CRPF joint operation in Dakmaka) ।