ডিফু,7 জানুৱাৰীঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙত ব্যৱসায়ীক অপহৰণ কৰি হত্যা কৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ বিগত কিছু দিন পূৰ্বে দুবৃত্তই অপহৰণ কৰি নিয়া ব্যৱসায়ী কাজল দাসৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, 28 ডিচেম্বৰত বৰলাংফেৰ থানা এলেকাধীন লাংছ’লিয়েটৰ পৰা অপহৰণ কৰা হৈছিল ব্যৱসায়ীগাৰকীক ৷ এই বিষয়ে ব্যৱসায়ীগৰাকীৰ পৰিয়ালে আৰক্ষীক অবগত কৰা নাছিল ৷ এক বিশেষ সূত্ৰে বিগত 3 জানুৱাৰীত আৰক্ষীয়ে অপহৰণ কাণ্ডটোৰ বিষয়ে তথ্য লাভ কৰে ৷ ইয়াৰ পিছতেই আৰক্ষীয়ে নিজাববীয়াকৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত ৷
প্ৰবেছনাৰী আইপিএছ বিষয়া সৌৰভ গুপ্তাৰ নেতৃত্বত মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকা, খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰহ্ম, আৰু ধনশিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু ছেত্ৰীৰ সহযোগত বিগত ৩ জানুৱাৰীৰ পৰা অভিযান আৰম্ভ কৰে ৷ আৰক্ষীয়ে অভিযান চলাই সোমবাৰে মাঞ্জা আৰক্ষী থানাৰ অন্তৰ্গত হিদিম টেৰণ গাঁৱৰ পৰা ৰাজেশ ইংতি নামৰ এজন যুৱকক আটক কৰে ৷ ইয়াৰ পিছতেই মঙলবাৰে অপহৰণকাণ্ডটোৰ লগত জড়িত আন এজনক আটক কৰে আৰক্ষীয়ে ৷ ধৃত অভিযুক্ত জন বকলিয়াঘাট আৰক্ষী থানৰ অন্তৰ্গত ছাম পথাৰ ছাৰ্থে ৰংহাঙ গাঁৱৰ নিবাসী কেনচিং তিচ' বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষীৰ জালত পৰা দুয়োটা অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আজি বৰলাংফেৰ আৰক্ষী থানাৰ অন্তৰ্গত লাংছ'লিয়েট ৰেল লাইনৰ সমীপৰ জংঘল নামৰ ঠাইৰ হাবিৰ মাজত পেলাই থোৱা অৱস্থাৰ পৰা যোৱা ১০ দিনে নিখোজ হৈ থকা ব্যৱসায়ী কাজল দাসৰ মৃতদেহটো উদ্ধাৰ কৰে ৷