অসম

assam

ETV Bharat / state

অসম-নাগালেণ্ড সীমান্তত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ - খটখটী আৰক্ষী

অসম-নাগালেণ্ড সীমান্তত আৰক্ষীৰ সফলতা ৷ জব্দ হৈছে বৃহৎ পৰিমাণৰ বিলাতী সুৰা ৷ খটখটী আৰক্ষীৰ তৎপৰতাত সুৰাৰ লগতে গাড়ীখনৰ চালকক আটক কৰিবলৈ সক্ষম হয় ৷

khotkhoti police seized illigal wine
অসম-নাগালেণ্ড সীমান্তত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

By

Published : Sep 22, 2020, 9:27 PM IST

ডিফু,২২ ছেপ্তেম্বৰঃ অসম- নাগালেণ্ড সীমান্তত অসম আৰক্ষী সক্ৰিয় হৈ থকাৰ ফলত ইটোৰ পিছত সিটো অপৰাধী চক্ৰ আৰক্ষীৰ জালত পৰিছে ৷ উল্লেখযোগ্য যে, বোকাজান মহকুমাৰ অন্তৰ্গত খটখটী আৰক্ষীয়ে ডিমাপুৰ অভিমুখে গৈ থকা অৱস্থাত এন-এল-02-চি-0519 নম্বৰৰ এখন gypsy গাড়ীৰ পৰা মঙলবাৰে পুনৰ বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় । তাৰ মাজতে একাংশ অসাধু ব্যৱসায়ীয়ে বিভিন্ন সময়ত চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰ চহৰলৈচোৰাংভাবেঅব্যাহত ৰাখিছে অবৈধ সুৰাৰ সৰবৰাহ ।

ইপিনে মঙলবাৰে খটখটী আৰক্ষীৰ তৎপৰতাত সুৰাৰ লগতে গাড়ীখনৰ চালকক আটক কৰিবলৈ সক্ষম হয়। সম্প্ৰতি সৰ্বমুঠ ২০ কাৰ্টুন বিলাতী সুৰা জব্দ কৰিছে খটখটী আৰক্ষীয়ে। অসমত প্ৰায় ১ লক্ষাধিক টকাৰ সুৰা খিনিৰ মুল্য ডিমাপুৰত প্ৰায় দুগুনৰ পৰা তিনি গুণ পৰ্যন্ত হয় বুলি জানিব পৰা গৈছে। আনহাতে এক অবৈধ সুৰা সৰবৰাহকাৰী চক্ৰই অসমত বিক্ৰীৰ অনুজ্ঞাপত্ৰ থকা সুৰা নগালেণ্ডৰ ক'হিমালৈ সৰবৰাহ কৰাৰ কূৎ-কৌশল ৰচনা কৰি বিভিন্ন পক্ষক মেনেজ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।



লগতে পঢ়কঃচামগুৰি পাৱাৰ গ্ৰীড ষ্টেছন পৰদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

ABOUT THE AUTHOR

...view details