অসম

assam

ETV Bharat / state

গঠন হ'ল শান্তি চুক্তি স্বাক্ষৰকাৰী ছয় উগ্ৰপন্থী সংগঠনৰ ঐক্যবদ্ধ মঞ্চ 'কেৰাফ' - 'Keraf' a united platform of six militant outfits

নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰি অহা কাৰ্বি আংলঙৰ ছয় উগ্ৰপন্থী সংগঠন ক্ৰমে-কেএলএনএলএফ, ইউপিএলএ, পিডিচিকে আৰু কেপিএলটিৰ তিনিটা গোটে সুকীয়া সুকীয়াকৈ নিজা সংগঠনক ভংগ ঘোষণা কৰাৰ পিছতে ডিফুত গঠন হৈছে 'কেৰাফ' নামৰ এক ঐক্যবদ্ধ মঞ্চ ৷ মঙলবাৰে গঠন হ'ল কাৰ্বি এক্স ৰেবুল্যেশ্বনাৰী ইউনাইটেড ফ'ৰাম চমুকৈ 'কেৰাফ' নামৰ এক ঐক্যবদ্ধ মঞ্চ ৷

keraf
keraf

By

Published : Sep 28, 2021, 10:26 PM IST

ডিফু, 28 ছেপ্তেম্বৰ :কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত মঙলবাৰে গঠন হ'ল কাৰ্বি এক্স ৰেবুল্যেশ্বনাৰী ইউনাইটেড ফ'ৰাম চমুকৈ 'কেৰাফ' নামৰ এক ঐক্যমঞ্চ ৷ যোৱা 4 ছেপ্তেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰি অহা কাৰ্বি আংলঙৰ ছয় উগ্ৰপন্থী সংগঠন ক্ৰমে-কেএলএনএলএফ, ইউপিএলএ, পিডিচিকে আৰু কেপিএলটিৰ তিনিটা গোটে সুকীয়া সুকীয়াকৈ নিজ সংগঠনক ভংগ ঘোষণা কৰাৰ পিছতে এই মঞ্চ গঠন কৰা হৈছে ৷

গঠন হ'ল শান্তি চুক্তি স্বাক্ষৰকাৰী ছয় উগ্ৰপন্থী সংগঠনৰ ঐক্যবদ্ধ মঞ্চ 'কেৰাফ'

কেএলএনএলএফৰ সভাপতি প্ৰদীপ তেৰাং ওৰফে পি দিলিক মঞ্চৰ সভাপতি, সংবিজিত ইংতি কাথাৰ আৰু ৱেলেছলী তেৰাঙক উপ সভাপতি, উইন বে'ক সাধাৰণ সম্পাদক, গুড উইনচন ক্ৰ'ক সহকাৰী সাধাৰণ সম্পাদক, নিকুঞ্জ কাথাৰ, লংবি তিমুঙ, মণ্টু তেৰাঙ আৰু ৰিজাক ডেৰাক মুখপাত্ৰ, কংকাট টেৰণ, থং টেৰণ, ৰূপছিং ইংতি আৰু ৰণ ৰংপিক বিত্ত সম্পাদক আৰু চংজা তিমুঙক সহকাৰী বিত্ত সম্পাদক হিচাপে দায়িত্ব দি মুঠ 31 জনীয়া সদস্যৰে সমিতি গঠন কৰা হয় ৷

মঙলবাৰে ডিফু লৰুলাংচ'স্থিত ৰাংছিনা ছাৰপ' সাংস্কৃতিক ভৱনত আয়োজিত এক সংবাদমেলত সংগঠন কেইটাৰ আটাইকেইগৰাকী শীৰ্ষ নেতাৰ উপস্থিতিত উক্ত অৰাজনৈতিক সংগঠনটো গঠন কৰা হয় ৷ সংগঠনটোৰ মূল সমিতিখনত ইতিমধ্যে ভংগ হোৱা সহস্ত্ৰ সংগঠন সমূহৰ 5 জনকৈ সদস্যক অন্তৰ্ভুক্ত কৰা হৈছে ৷

উক্ত সংগঠনটো অৰাজনৈতিক সংগঠন হোৱাৰ লগতে পৰৱৰ্তী কালত জিলাখনত বসবাস কৰি অহা সকলো জাতি-জনগোষ্ঠীৰ সামূহিক কল্যাণৰ বাবে কাম কৰি যোৱাৰ মহৎ উদ্যেশ্যলৈ আগবাঢ়ি যাব বুলি সদৰি কৰি সংগঠনটোৰ নেতৃবৰ্গই ৷ ইয়াৰোপৰি শান্তি চুক্তিৰ দফা সমূহ সফল ৰূপায়ণক পৰ্যৱেক্ষণৰ লগতে জিলাখনক উন্নয়ণৰ দিশত অগ্ৰসৰ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি জনালে সংগঠনটোৰ সদস্য সকলে ৷

লগতে পঢ়কঃশীঘ্ৰেই যৱনিকা পৰিব বহু দশক জোৰা নগা বিদ্ৰোহৰ !

ইফালে শান্তি স্বাক্ষৰিত হোৱাৰ পিছত একাংশ দল-সংগঠনে চুক্তিখনকলৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা কাৰ্যক 'কেৰাফ'ৰ হৈ ৰিজাক ডেৰায়ে তীব্ৰ সমালোচনা কৰে ৷ তেওঁ কয় যে, একাংশ লোকে নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে এনে তৎপৰতা অব্যাহত ৰাখিছে ৷ দশক যোৰা সহস্ত্ৰ সংগ্ৰামৰ পিছত জিলাখনত শান্তি স্থাপন হৈছে যদিও এই সকল লোকে শান্তি নিবিচাৰে নেকি বুলি প্ৰশ্ন কৰে নেতা গৰাকীয়ে ৷

আনহাতে এপিএইছএলচি সভাপতি জন ইংতি কাথাকক দিনে-নিশাই বংগ সেনাৰ ভূতে খেদি ফুৰা নেতা বুলি অভিহিত কৰি, মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা নেতা গৰাকীয়ে সেয়েহে জিলাখনৰ নৱ প্ৰজন্মক বিপথে পৰিচালিত কৰি আহিছে বুলি অভিযোগ কৰে মঞ্চটোৰ নেতৃবৰ্গই ৷ লগতে দল-সংগঠন সমূহক এনে তৎপৰতা বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰে শান্তি চুক্তি স্বাক্ষৰকাৰী ও নৱ গঠিত ঐক্যবদ্ধ মঞ্চৰ নেতৃবৰ্গই ৷

লগতে পঢ়কঃAssam Eviction Drive: গৰুখুটি কাণ্ডৰ সৈতে সংযোগ অস্বীকাৰ পিএফআইৰ

ABOUT THE AUTHOR

...view details