অসম

assam

ETV Bharat / state

Karbi Youth Festival 2022 : তাৰালাংচৰ বাকৰিত কৃষ্টি সংস্কৃতিৰ অপূৰ্ব সমাহাৰ - ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ

কাৰ্বি লোক-কৃষ্টি, সংস্কৃতিৰে ভৰপূৰ হৈ পৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি তথা অন্যতম জনজাতীয় কাৰ্বি যুৱ মহোৎসৱস্থলী ৷ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ চতুৰ্থ দিনাও উখল-মাখল পৰিবেশ(Karbi youth festival 2022 at Taralangso) ৷

karbi-youth-festival-2022-at-taralangso-in-karbi-anglong
তাৰালাংচৰ বাকৰিত কৃষ্টি সংস্কৃতিৰ অপূৰ্ব সমাহাৰ

By

Published : Mar 4, 2022, 10:58 PM IST

ডিফু, ৪ মাৰ্চ : পৰাম্পৰাগত লোক কৃষ্টি সংস্কৃতিৰ অপূৰ্ব সমাহাৰ ঘটিছে ডিফুৰ তাৰালাংচৰ বাকৰিত(Karbi Youth Festival 2022 in Karbi Anglong) ৷ সৰু-বৰ পাহাৰৰ নৈসৰ্গিক আৰু নান্দনিক পৰিবেশৰ মাজত তাৰালাংচ'ৰ বৃহৎ সাংস্কৃতিক প্ৰকল্পত চতুৰ্থ দিনাও দেখিবলৈ পোৱা গ'ল উখল-মাখল পৰিবেশ ৷ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰেও অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫ সহস্ৰাধিক শিল্পীয়ে তাৰালাংচৰ বাকৰিত পৰাম্পৰাগত নৃত্য, গীত আৰু বিভিন্ন প্ৰতিযোগিতাৰে মুখৰিত তাৰালাংচৰ কাৰ্বি যুৱ মহোৎসৱৰ পৰিবেশ ৷

কাৰ্বি যুৱক-যুৱতীৰ নৃত্যৰ লয়লাস ভংগীমাত বৰ্ণময় হৈ পৰিছে কাৰ্বি আংলং জিলাৰ তাৰালাংচৰ বাকৰি(Karbi Youth Festival) ৷ পিনি ,পেককৰ খমখমনিত ৰজনজনাই উঠিছে চৌদিশ ৷ ইয়াৰ মাজতে শুকুৰবাৰে ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ(48th Karbi Youth Festival begins in Taralangso)ৰ চতুৰ্থ দিনাও কাৰ্বি যুৱ মহোৎসৱ স্থলীত বিভিন্ন জাতি- জনগোষ্ঠীৰ লোকৰ কৃষ্টি সংস্কৃতিৰে বৰ্ণময় হৈ পৰে কাৰ্বি সাংস্কৃতিক প্ৰকল্প ৷

তাৰালাংচৰ বাকৰিত কৃষ্টি সংস্কৃতিৰ অপূৰ্ব সমাহাৰ

ইফালে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰেও অসমৰ বিভিন্ন প্ৰান্তৰ পৰাম্পৰাগত নৃত্য, গীত আৰু বিভিন্ন প্ৰতিযোগিতাৰে মুখৰিত তাৰালাংচৰ কাৰ্বি যুৱ মহোৎসৱৰ পৰিবেশ ৷ ৮২৭ বিঘা মাটি কালিৰ সমগ্ৰ তাৰালাংচত গঢ়ি উঠা বিভিন্ন জনগোষ্ঠীয় গৃহ সমূহত জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ সোৱাদ লোৱাৰ লগতে কাৰ্বি, ডিমাচা, গাৰো, ৰাভা, গোৰ্খা, ৰেংমা,নগা, তাই আহোম, পাইতে আদি জনগোষ্ঠীয় লোকৰ জীৱন প্ৰণালীৰ লগত পৰিচিত হয় ৷

যুৱ মহোৎসৱটিৰ আৰম্ভনিৰ দিনৰে পৰাই তাৰালাংচৰ চৌদিশে শৃংখলাবদ্ধভাৱে সজাই তোলা প্ৰদৰ্শনী , গ্ৰন্থ বিপনী,আত্মসহায়ক গোটৰ মেলাস্থলী,কুটীৰশিল্প ,ভোজমেলা যুৱক- যুৱতী সকলৰ নৃত্যগীতে দৰ্শক সকলক চাৰিটা দিন আত্মবিভোৰ কৰি ৰাখে ৷

আনহাতে, ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া কাৰ্যসূচীৰে চলিবলগীয়া ৪৬ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰটি ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে সীমিত কৰি ১ মাৰ্চৰ পৰা ৫ মাৰ্চলৈকে ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে ৷ ইতিমধ্যে, অনুষ্ঠানৰ দ্বিতীয় দিনা অৰ্থাৎ মঙলবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ হৈছে ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ ।

লগতে পঢ়ক :Karbi Youth Festival 2022 : বৰ্ণিল কাৰ্যসূচীৰে তাৰালাংচত কাৰ্বি যুৱ মহোৎসৱ

ABOUT THE AUTHOR

...view details