অসম

assam

ETV Bharat / state

সামৰণি পৰিল তাৰালাংছ'ৰ বাকৰি জীপাল কৰি ৰখা 46 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ - গভীৰ নিশালৈ লোকে লোকাৰণ্য তাৰালাংছ'ৰ বাকৰি

যোৱানিশা সামৰণি পৰিল 5 দিনীয়া কাৰ্যসূচীৰে তাৰালাংছ'ৰ বাকৰি জীপাল কৰি ৰখা 46 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ ৷ মহোৎসৱৰ শেষৰ দিনটোত লক্ষাধিক দৰ্শকেৰে গভীৰ নিশালৈ লোকে লোকাৰণ্য হৈ পৰে তাৰালাংছ'ৰ বাকৰি ৷

সমৰণি পৰিল তাৰালাংছ'ৰ বাকৰি জীপাল কৰি ৰখা 46 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ
সমৰণি পৰিল তাৰালাংছ'ৰ বাকৰি জীপাল কৰি ৰখা 46 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ

By

Published : Feb 20, 2020, 11:26 PM IST

ডিফু, 20 ফেব্ৰুৱাৰীঃ যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ ৫দিনীয়া কাৰ্যসূচীৰে ডিফুৰ তাৰালাংছ'ত জনগোষ্ঠীয় বৰ্ণাঢ্য কলা-কৃষ্টিৰে জীপাল কৰি ৰখা, ৪৬ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ সফল সামৰণি পৰে ৷ মহোৎসৱৰ শেষৰ দিনটোত লক্ষাধিক দৰ্শকেৰে গভীৰ নিশালৈ লোকে লোকাৰণ্য হৈ পৰে তাৰালাংছ'ৰ বাকৰি ৷ যুৱ মহোৎসৱটিৰ আৰম্ভণিৰ দিনৰে পৰাই তাৰালাংছ'ৰ চৌদিশে শৃংখলাবদ্ধভাৱে সজাই তোলা প্ৰদৰ্শনী, গ্ৰন্থ বিপনী, আত্মসহায়ক গোটৰ মেলাস্থলী, কুটীৰশিল্প, খাদ্যমেলা, যুৱক-যুৱতী সকলৰ নৃত্যগীতে দৰ্শকসকলক পাঁচোটা দিন আত্ম বিভোৰ কৰি ৰাখে ৷

সমৰণি পৰিল তাৰালাংছ'ৰ বাকৰি জীপাল কৰি ৰখা 46 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ

অন্তিম দিনৰ কাৰ্যসূচীত সন্ধিয়া অভ্যৰ্থনা সমিতিৰ সদস্যসকলক সম্বৰ্ধনা জনোৱাৰ পিচত, ছিং মিৰজেঙ আচেথাইত কেচিএছৰ দ্বাৰা বাৰ্ষিক প্ৰতিবেদন পাঠ কৰা হয় ৷ সন্ধিয়া ৮ বজাত ছিং মিৰজেঙ মঞ্চত সাংস্কৃতিক সন্ধিয়াৰ উদ্ধোধন কৰে, পৰিষদৰ কলা আৰু সাংস্কৃতিক বিভাগৰ বিভাগীয় সদস্য ৰূপছিং টেৰণে ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে অতিথি হিচাপে উপস্থিত থাকে সাংসদ হৰেণছিং বে', পাৰ্বত্য উন্নয়ন মন্ত্ৰী ছুম ৰংহাঙৰ লগতে কেইবাগৰাকীও আমন্ত্ৰিত ব্যক্তি ৷ অনিষ্ঠানত কাৰ্বি যুৱ মহোৎসৱৰ বাবে অসম বিধান সভাৰ বাৰ্ষিক বাজেটত ৩ কোটি টকাৰ বাজেট গ্ৰহণ কৰিবলৈ, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ জৰিয়তে অসম চৰকাৰলৈ কেচিএছে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

ABOUT THE AUTHOR

...view details