অসম

assam

ETV Bharat / state

Price hike in Diphu: ডিফুত মূল্যবৃদ্ধিৰ আঁৰত বিজেপি নেতাৰ ছিণ্ডিকেট - Press Meet of Karbi Students Union in Diphu

ডিফুত বিজেপি নেতা,সাংবাদিকৰ নেতৃত্বত ছিণ্ডিকেটৰ অভিযোগ কাৰ্বি ছাত্ৰ সন্থাৰ । কণী-আলু-পলিথিনৰ ছিণ্ডিকেটৰাজৰ বাবেই অত্যাধিক মূল্যবৃদ্ধিৰ অভিযোগ ।

Price hike in Diphu
কাৰ্বি ছাত্ৰ সন্থাৰ সংবাদমেল

By

Published : Aug 16, 2023, 8:42 PM IST

কাৰ্বি ছাত্ৰ সন্থাৰ সংবাদমেল

ডিফু, ১৬ আগষ্ট:ডিফুৰ বজাৰত এগৰাকী বিজেপি নেতা,এটা প'ৰ্টেলৰ এগৰাকী সাংবাদিক আৰু আন এগৰাকী ব্যক্তিৰ নেতৃত্বত ছিণ্ডিকেটৰাজ চলাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ উত্থাপন কৰিছে কাৰ্বি ছাত্ৰ সন্থাই । বুধবাৰে ছাত্ৰ সন্থাৰ কাৰ্যালয়ত কাৰ্বি ছাত্ৰ সন্থাৰ সম্পাদক জৰ্জ তিমুঙে এই অভিযোগ উত্থাপন কৰিছে ।

কাৰ্বি ছাত্ৰ সন্থাৰ সম্পাদক জৰ্জ তিমুঙে কয় যে বিগত কিছু মাহৰ পৰা ডিফু বজাৰত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰিছে । সেইবাবে ডিফুত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আলু,কণী আৰু পলিথিনৰ অত্যাধিক মূল্যবৃদ্ধিৰ অভিযোগ কৰিছে কাৰ্বি ছাত্ৰ সন্থাৰ সম্পাদকগৰাকীয়ে ।

জিলাখনত আন সামগ্ৰীৰ ক্ষেত্ৰতো অত্যাধিক মূল্যবৃদ্ধিৰ উল্লেখ কৰি কাৰ্বি ছাত্ৰ সন্থাই (ইংলংফ') এই মূল্যবৃদ্ধিৰ আঁৰত ছিণ্ডিকেটৰাজ চলা বৃদ্ধি অভিযোগ কৰে । ইয়াৰ পাছতেই সামাজিক মাধ্যমত চলা তীব্ৰ বাকবিতণ্ডাৰ পাছত আজি ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সম্পাদক জৰ্জ তিমুঙে এখন সংবাদমেলযোগে এই ছিণ্ডিকেটৰ অন্তৰালত এগৰাকী ৰাজনৈতিক ব্যক্তি ৰাংছিনা হাঞ্চে, এটা প'ৰ্টেলৰ সাংবাদিক কিৰিতিচ' আৰু ৰত্ন তিমুং নামৰ এগৰাকী ব্যক্তি জড়িত বুলি উল্লেখ কৰে কাৰ্বি ছাত্ৰ সন্থাৰ সম্পাদক জৰ্জ তিমুঙে ।

কাৰ্বি ছাত্ৰ সন্থাৰ সম্পাদক জৰ্জ তিমুঙে পুনৰ কয় যে ডিফু বজাৰত কণী ছিণ্ডিকেটত ৰাংছিনা হাঞ্চে, আলু ছিণ্ডিকেটত কিৰি তিচ' আৰু পলিথিনৰ মোনা ছিণ্ডিকেটৰ লগত ৰত্ন তিমুং জড়িত বুলি অভিযোগ উত্থাপন কৰে । এই তিনিগৰাকী ব্যক্তিৰ বাবেই ডিফুবাসীয়ে অত্যাধিক মূল্যত আলু-কণীকে ধৰি আন সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য হৈছে বুলি ছাত্ৰ নেতা গৰাকীয়ে অভিযোগ কৰে । কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদকে ধৰি চৰকাৰী বিভাগসমূহক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ছাত্ৰ নেতাগৰাকীয়ে ।

লগতে পঢ়ক:Indrani Tahbildar case: ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ তদন্তৰ বাবে বিজেপি নেতা অনুৰাগ চলিহাক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details