ডিফু, ২১ জুলাইঃ সাম্প্ৰতিক পৰিস্থিতিৰ বাধ্যবাধকতাৰ মাজেৰে মঙলবাৰে সমগ্ৰ কাৰ্বি আংলং জিলাতে কাৰ্বি ছাত্ৰ সন্থাৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। ডিফুৰ ৰংথেয়াংস্থিত কাৰ্বি ছাত্ৰ সন্থাৰ মুখ্য কার্যালয়ত আজি এই উদ্দেশ্যে আয়োজিত হোৱা এক বিশেষ অনুষ্ঠানত কৰ'ণাৰ সম্পূৰ্ণ নীতি নিয়ম মানি কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বিজয় বেয়ে পতাকা উত্তোলন কৰি কার্যসূচীৰ শুভাৰম্ভ কৰে ।
কাৰ্বি ছাত্র সন্থাৰ ৬১ সংখ্যক প্রতিষ্ঠা দিবস পালন ছাত্ৰ সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কেইবাজনা বিশিষ্ট ব্যক্তি তথা ছাত্ৰ সংগঠনটোৰ নেতা-কর্মীসকলৰ অংশগ্ৰহণেৰে কেক কাটি প্ৰতিষ্ঠা দিৱসৰ আনুষ্ঠানিকতা পালন কবাৰ পিছতে সস্থাৰ সভাপতি বিজয় বেৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত কৰা হয়। কাঞ্চাছড়িকমৰ সভাপতি অজিত তিমুং উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ বিপৰীতে কাঞ্চাছডিকমৰ সাধাৰণ সম্পাদক ছিং তিমুং আৰু কার্বি ছাত্র সন্থাৰ প্রাক্তন সভাপতি বিশেশ্বৰ হাঞ্চেই সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।
প্রতিষ্ঠা দিবসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা সভাখনত কাৰ্বি আংলঙৰ দীর্ঘদিনীয়া বাজনৈতিক দাবী স্বায়ত্ব শাসিত ৰাজ্যৰ দাবী সম্পর্কে আলাচনা কৰাৰ লগতে ছাত্র সংগঠনটোৱে বিগত সময়ছোৱাত গ্ৰহণ কৰি অহা ভূমিকাৰ লগতে সাম্প্রতিক সময়ৰ শিক্ষা ব্যবস্থাৰ বিভিন্ন সুবিধা-অসুবিধা সম্পর্কেও আলােচনা কৰা হয় । সামাজিক মাধ্যমযোগে প্ৰেৰণ কৰা এক বাৰ্তাত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জিলাখনত বহুধা বিভক্তহৈ থকা কাৰ্বি ছাত্ৰ সন্থাৰ আটাইকেইটা গোটক একেটা মঞ্চৰ পৰা জিলাখনৰ দীৰ্ঘদিনীয়া দাবী ‘অনুচ্ছেদ ২৪৪( ক)’ ৰ সপক্ষে সংগ্ৰাম কৰিবলৈ আহ্বান জনায় ৷
ইয়াৰোপৰি জিলাখনত কাৰ্বি ছাত্ৰ সন্থা গঠন কৰা প্ৰতিষ্ঠাপক সভাপতি প্ৰতাপ চন্দ্ৰ টকবী আৰু সাধাৰণ সম্পাদক গান্ধীৰাম তিমুঙৰ প্ৰচেষ্টাক শলাগ লয় ৷ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে বাৰ্তাটোত "শিক্ষাই জাতিৰ মেৰুদণ্ড" আখ্যা দি ছাত্ৰ - ছাত্ৰী সকলক জিলাখনৰ চুকে- কোণে গুণগত শিক্ষাৰ পৰিৱেশ গঢ়িবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক- কৰিমগঞ্জৰ ক'ভিড চিকিৎসালয়ত উপস্থিত মন্ত্ৰী পীয়ুষ হাজৰিকা