অসম

assam

ETV Bharat / state

কাৰ্বি আংলংবাসীৰ আবেগৰ লগত নেখেলিবলৈ মুখ্যমন্ত্ৰীক আহ্বান কাৰ্বি ছাত্ৰ সন্থাৰ - কাৰ্বি ছাত্ৰ সন্থা

মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কাৰ্বি ছাত্ৰ সন্থা (KSU condemns Himanta Biswa Sarma) ৷ ছুপাৰ ষ্টেট বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক তীব্ৰ গৰিহণা দিয়ে ছাত্ৰ সংগঠনটোৱে ৷

Super State controversy
কাৰ্বি আংলংবাসীৰ আবেগৰ লগত নেখেলিবলৈ আহ্বান মুখ্যমন্ত্ৰীক

By

Published : Mar 7, 2022, 6:56 PM IST

ডিফু, ৭ মাৰ্চ: ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ(Karbi youth festival)ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ গৈ সংবাদ মাধ্যমৰ আগত কাৰ্বি আংলং বৰ্তমান চুপাৰ ষ্টেট বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰ্বি ছাত্ৰ সন্থা চমুকৈ কেএছইউৱে ৷ ছাত্ৰ সংগঠনটোৱে মুখ্যমন্ত্ৰীৰ এই মন্তব্যক তীব্ৰ গৰিহণা দিয়ে (KSU condemns Himanta Biswa Sarma) ৷

কাৰ্বি আংলংবাসীৰ আবেগৰ লগত নেখেলিবলৈ আহ্বান মুখ্যমন্ত্ৰীক

দেওবাৰে ডিফুস্থিত চিইএম বাংলোত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলঙত অনান্য ষ্টেট আৰু জিলাৰ তুলনাত বহু উন্নয়ন হৈছে বুলি কৈ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২৪৪ (ক) ৰূপায়ণ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত বৰ্তমান কাৰ্বি আংলং ছুপাৰ ষ্টেট হৈছে বুলি মন্তব্য কৰিছিল (CM says Karbi Anglong as Super state) ৷ মুখ্যমন্ত্ৰীৰ উক্ত মন্তব্যৰ পিছতে সৰৱ হৈ পৰিছে কেএছইউৰ এটা গোট ৷

সোমবাৰে বিয়লি ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি কেএছইউৰৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰামছিং টকবী আৰু প্ৰচাৰ সম্পাদক মণিৰাম টেৰণে মুখ্যমন্ত্ৰীৰ মন্তব্যক দায়িত্বজ্ঞানহীন তৰল মন্তব্য বুলি কয় ৷

মুখ্যমন্ত্ৰীৰ এনে মন্তব্যই ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসুচীৰ সুবিধা অনুসৰি দীৰ্ঘদিন ধৰি স্বায়ত্ব ৰাজ্যৰ বাবে আন্দোলন কৰি অহা কাৰ্বি আংলংবাসীৰ প্ৰতি ঘোৰ অপমান আৰু হৃদয়ত আঘাত হানিলে বুলি মন্তব্য কৰে কেএছইউৰ নেতাদ্বয়ে ৷ মুখ্যমন্ত্ৰী গৰাকীক অনুচ্ছেদ ২৪৪ (ক)শীঘ্ৰে ৰূপায়ণ কৰি এখন স্বায়ত্বৰাজ্য প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে দাবী পূৰণ নহ’লে জংগী আন্দোলন কৰিব বুলি হুংকাৰ দিছে কেএছইউৰ নেতাদ্বয়ে৷

আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ এনে মন্তব্য কৰিলে কেএছইউই মুখ্যমন্ত্ৰীক কাৰ্বি আংলঙত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰিব বুলি কঠোৰ সকিয়নি প্ৰদান কৰে নেতাদ্বয়ে ৷

লগতে পঢ়ক:Assam Cabinet Decision: এতিয়াৰে পৰা অসমত নাথাকিব ‘ৰাজহ নগৰ‘

ABOUT THE AUTHOR

...view details