অসম

assam

ETV Bharat / state

নাগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ ঘোষণা কাৰ্বি ছাত্ৰ সন্থাৰ - কাৰ্বি ছাত্ৰ সন্থা

কাৰ্বি আংলঙৰ ভূমিক লৈ বিভিন্ন সমস্যা চলি আহিছে যদিও চৰকাৰে কাৰ্বি আংলঙৰ মাটিক সঠিক নিৰাপত্তা প্ৰদানত ব্যৰ্থ হৈছে ৷ চৰকাৰৰ ব্যৰ্থতাৰ বাবেই জিলাখনত দল সংগঠনসমূহে আজি ৰাইজৰ সহযোগত কাৰ্বি আংলঙৰ ভূমি ৰক্ষাৰ বাবে ওলাই আহিবলগীয়া হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিততে অহা 17 নৱেম্বৰৰ পৰা নাগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অর্থনৈতিক অৱৰোধৰ সিদ্ধান্ত গ্ৰহণ কৰে কাৰ্বি ছাত্ৰ সন্থাৰ উপৰিও কেইবাটাও দল সংগঠনে ৷

AS_DIPHU_INDIFINIT_BLOCKED_TO_NAGALAND_VIS_2020
নাগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ ঘোষণা কাৰ্বি ছাত্ৰ সন্থাৰ

By

Published : Nov 15, 2020, 9:42 PM IST

ডিফু,15 নৱেম্বৰঃ কাৰ্বি আংলং জিলাৰ অন্তর্গত অসম নাগালেণ্ড সীমান্তৱৰ্তী দলদলি সংৰক্ষিত বনাঞ্চলত নগাৰ অবৈধ ভূমি বেদখলৰ প্ৰতিবাদত নাগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অর্থনৈতিক অৱৰোধৰ ঘোষণা কাৰ্বি ছাত্ৰ সন্থাৰ ৷ দেওবাৰে ডিফুৰ ৰংথেয়াং স্থিত কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে সংগঠনটোৰ সভাপতি বিজয় বেয়ে ৷ তেখেতে কয় যে, কাৰ্বি আংলঙৰ ভূমিক লৈ বিভিন্ন সমস্যা চলি আহিছে যদিও চৰকাৰে কাৰ্বি আংলঙৰ মাটিক সঠিক নিৰাপত্তা প্ৰদানত ব্যৰ্থ হৈছে ৷ চৰকাৰৰ ব্যৰ্থতাৰ বাবেই জিলাখনৰ দল সংগঠনসমূহে আজি ৰাইজৰ সহযোগত কাৰ্বি আংলঙৰ ভূমি ৰক্ষাৰ বাবে ওলাই আহিবলগীয়া হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিততে অহা 17 নৱেম্বৰৰ পৰা নাগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অর্থনৈতিক অৱৰোধৰ সিদ্ধান্ত গ্ৰহণ কৰে কাৰ্বি ছাত্ৰ সন্থাৰ উপৰিও কেইবাটাও দল সংগঠনে ৷

১৭ নৱেম্বৰৰ পৰা নাগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ ঘোষণা কাৰ্বি ছাত্ৰ সন্থাৰ

ইয়াৰ উপৰিও উক্ত সংবাদমেলযোগে কাৰ্বি আংলঙৰ ৰিলান বস্তিত নাগালেণ্ড চৰকাৰে অবৈধভাবে প্ৰদান কৰা মাটি ভাট্টা বাতিল কৰা, কাৰ্বি ভূমিত নাগালেণ্ড চৰকাৰৰ সমর্থনত নিৰ্মান কৰা গৃহসমূহ উচ্ছেদ কৰা, নগা দুৰ্বৃত্তই ভাঙি পোলোৱা দুয়ো ৰাজ্যৰে সীমান্তৰ খুঁটিসমূহ পুনৰ স্থাপন, অসমৰ মাটিত নাগালেণ্ড চৰকাৰে স্থাপন কৰা আই আৰ বি এনৰ শিবিৰ উচ্ছেদ, নাগালেণ্ড চৰকাৰৰ তৰফৰ পৰা কাৰ্বি ভূমিত বিদ্যুৎ সংযোগৰ বাবে স্থাপন কৰা খুঁটিসমূহ উঠাই দিয়াৰ উপৰিও সীমান্ত এলেকাত কাৰ্বি আংলঙৰ বন বিভাগে তহলৰ বাবে নির্মাণ কৰা পথৰ নিৰ্মান কাৰ্যত নগা দুৰ্বৃত্তই প্ৰদান কৰি অহা বাধাসমূহ নাইকীয়া কৰাৰ ব্যৱস্থা কৰা আদি কেইবাটাও দাবী উত্থাপন কৰে ৷ কাৰ্বি আংলঙৰ ভূমিৰ সুৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰ সদিচ্ছাৰ অভাৱ বুলি মন্তব্য কৰি কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে এই সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ভূমিকাকো সমালোচনা কৰে ৷

কাৰ্বি আংলঙৰ ভূমি নাগালেণ্ডৰ বেদখল

দেওবাৰৰ এই সংবাদমেলত জিলাখনৰ কে এছ ৱাই চি, কে ইউ ৱাই এ, কে এফ এ, কে এন এল এফ, ইউ কে ৱাই এ, জাকাছ ,ডব্লিউ জে এফ আদি সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে ৷ আনহাতে, নাগালেণ্ডৰ বিৰুদ্ধে আহ্বান জনোৱা অর্থনৈতিক অৱৰোধ কার্যসূচীলে পূর্ণ সমর্থন ঘোষণা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিয়ে ৷ এই অৱৰোধৰ পৰা অত্যাৱশ্যকীয় সেৱা আৰু ব্যক্তিগত যান-বাহনসমূহক ৰেহাই দিয়া হৈছে ।

কাৰ্বি আংলঙৰ ভূমি নাগালেণ্ডৰ বেদখল

লগতে পঢ়ক-নিজ মাতৃভূমি আহি পালে শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰদেহ

ABOUT THE AUTHOR

...view details