ডিফু, ৩০ ডিচেম্বৰ :অসম -নাগালেণ্ডৰ সীমান্তৱৰ্তী লাহৰিজানৰ দুদু কলনিত অলপতে প্ৰশাসনে অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান(Eviction at Laharijan) চলোৱাৰ পিছতে উক্ত অভিযানক কেন্দ্ৰ কৰি কাৰ্বি-আংলং জিলাখনত বিভিন্ন দল-সংগঠনৰ মাজত সূত্ৰপাত হৈছে বাদ-বিবাদৰ ৷ উচ্ছেদ অভিযানৰ পিছতে লাহৰিজানত উপস্থিত হৈ আমছুৰ কেন্দ্ৰীয় সভাপতিয়ে সংবাদমেলযোগে উক্ত উচ্ছেদ অভিযানকলৈ অসন্তুষ্টি ব্যক্ত কৰাৰ (AAMSU president on Laharijan eviction) পিছতে জিলাখনত দল-সংগঠনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
এইলৈ বুধবাৰে কাৰ্বি ছাত্ৰ সন্থা(Karbi Students' union)ৰ দুটা গোটে আমছুৰ সভাপতি গৰাকীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছত বৃহস্পতিবাৰে বিয়লি ডিফুৰ জিলা প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সমালচনাত সৰৱ হৈ পৰে জিলাখনৰ দুটাকৈ মহিলা সংগঠন ৷ কাৰ্বি আংলং উইমেন জাষ্টিছ ফ'ৰাম আৰু ইউনাইটেড কাৰ্বি আংলং উইমেন এছ'চিয়েছনৰ নেতৃ বৰ্গই ডিফুত এক সংবাদমেল আয়োজন কৰি লাহৰিজান দুদু কলনিৰ বেদখলকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷