অসম

assam

ETV Bharat / state

অসম-মেঘালয় সীমা বিবাদক লৈ সৰৱ কাৰ্বি আংলঙৰ ১১ টাকৈ সংগঠন - কাৰ্বি আংলঙৰ সীমা বিবাদ

অসম-মেঘালয়ৰ সীমা বিবাদক লৈ সৰৱ কাৰ্বি আংলঙৰ ১১টাত কৈ সংগঠন (Karbi organizations on border dispute) ৷ সীমান্তৱৰ্তী গাঁও সমূহৰ নাম কাৰ্বি নামেৰে নামাকৰণৰ আহ্বান ৷

Karbi organizations on border dispute
Karbi organizations on border dispute

By

Published : Aug 31, 2022, 10:23 PM IST

ডিফু, 31 আগষ্ট: অসম-মেঘালয়ৰ সীমা বিবাদক লৈ সৰব হৈ পৰিছে কাৰ্বি আংলঙৰ ১১ টাকৈ সংগঠন (Assam Meghalaya border issue) ৷ KUYA, KHDRC, KYDA, LYDC, AJD, YAAC, UPKA, SYDC, KAYA, KALU, KYSO নামৰ সংগঠন কেইটাই সীমান্তৱৰ্তী গাঁও সমূহৰ নাম কাৰ্বি নামেৰে নামাকৰণৰ বাবে আহ্বান জনাইছে (Karbi organizations on border dispute) । ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি এই বিষয়ত মন্তব্য প্ৰকাশ কৰে সংগঠন কেইটাই ৷

অসম মেঘালয় সীমা বিবাদকলৈ সৰৱ কাৰ্বি আংলঙৰ ১১ টাকৈ সংগঠন

উল্লেখ্য যে, দ্বিতীয় পৰ্যায়ত আৰম্ভ হোৱা ছটা বিবদমান অঞ্চলৰ সীমা বিবাদক লৈ চলা আলোচনাত কাৰ্বি আংলঙৰ সীমা বিবাদে স্থান লাভ কৰিছে (Disputed land in Karbi Anglong border) । ইয়াকে লৈ পাৰ্বত্য জিলা দুখনত সৃষ্টি হৈছে তুমুল বিতৰ্ক । জিলাখনৰ দল-সংগঠন সমূহৰ মেঘালয়ৰ সৈতে কোনো বিবাদ নাই যদিও জিলা গঠনৰ সময়ত যি সীমা নিৰ্ধাৰণ কৰা হৈছিল সেই সীমাকেই বৰ্তাই ৰখাৰ বাবে আহ্বান জনায় ।

সংগঠনসমূহে কাৰ্বি আংলঙৰ এক ইঞ্চি ভূমিও এৰি নিদিয়ে বুলি হুংকৰ দিয়ে । সংগঠন কেইটাই দাবী কৰা অনুসৰি ১০,৪৩৪ বৰ্গ কিলোমিটাৰ ভূমিৰ দুয়োখন জিলাৰ এক ইঞ্চিও আন ৰাজ্যক প্ৰদান কৰা নহয় আৰু আন ৰাজ্যৰ ভূমিও কাৰ্বি আংলঙক প্ৰয়োজন নাই ।

অৱশ্যে মেঘালয়-কাৰ্বি আংলং সীমান্তৱৰ্তী এলেকাৰ খাচী নামত থকা গাঁওসমূহ কাৰ্বি নামলৈ পৰিৱৰ্তন কৰাৰ বাবে পৰিষদক আহ্বান জনায় । কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সভাত এই বিষয়ত প্ৰস্তাৱ গ্ৰহণ কৰি কাৰ্বি আংলঙৰ সীমা বিবাদ নিস্পত্তি কৰাৰ বাবে দাবী জনায় সংগঠন সমূহে ।

লগতে পঢ়ক:সীমা বিবাদ নিষ্পত্তিৰ বাবে অসম অৰুণাচল সীমান্ত পৰিদৰ্শন বিশেষ দলৰ

ABOUT THE AUTHOR

...view details