ডিফু, ৩ মে': কাৰ্বি ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ সপোনেৰে কাৰ্বি লেংগুৱেজ ডেভলপমেণ্ট বোৰ্ডৰ(Karbi Language Development Board) উদ্যোগত দশম আৰু একাদশ শ্ৰেণীৰ বাবে কাৰ্বি ভাষাৰ দুখন পাঠ্যপুথি প্ৰণয়ন কৰা হৈছে(Karbi MIL textbook launches)৷ ‘কাৰ্বি লামেত আমনজিন’(Karbi Lammet Amunjin) আৰু ‘লামেত আমানিম’(Lammet Amanim) নামৰ পাঠ্যপুথি দুখন মঙলবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে শুভ উম্মোচন কৰে । ডিফু চহৰৰ লাংকুং হাবে মেমৰিয়েল টাউন হলত উন্মোচন কৰা হয় পাঠ্যপুথি দুখন ৷
পাঠ্যপুথি উম্মোচনী সভাখনত সাংসদ হৰেন চিং বে', পৰিষদৰ উপাধক্ষ্য ৰিতেশ ইংহি, পদ্মশ্ৰী ৰংবং তেৰাং, ধনেশ্বৰ ইংতিকে ধৰি বিধায়কসকল আৰু পৰিষদৰ সদস্যসকল উপস্থিত থাকে । মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ভাষণ প্ৰসংগত কাৰ্বি ভাষা উত্তৰণৰ ক্ষেত্ৰত লোৱা এই প্ৰচেষ্টাৰ শলাগ লয় ৷ কাৰ্বি লেংগুৱেজ ডেভলপমেণ্টৰ অধ্যক্ষ লংচিং টেৰনৰ লগতে পাঠ্যপুথি দুখনৰ লগত জড়িত সকলোকে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে ।