ডিফু, ১ ডিচেম্বৰ :অসমৰ এগৰাকী জনপ্ৰিয় সংগীত শিল্পী হ’ল পখিলা লেকথেপী ৷ মেলডি কুইন ৰূপে স্বীকৃত, অসম চৰকাৰৰ ২০২৩ চনৰ শিল্পী বঁটা প্ৰাপক পখিলা লেকথেপীৰ অতি জনপ্ৰিয় এটি কাৰ্বি গীত হ’ল “ডাম্পনে ৱাংচ’ আপিৰথে” ৷ সেই গীতটো এইবাৰ অডিঅ’ ভিজুৱেল মাধ্যমেৰে সজাইছে নতুন প্ৰজন্মৰ পাহাৰৰ আন এগৰাকী জনপ্ৰিয় শিল্পী প্লাবিতা বৰদলৈ শইকীয়াই ৷
শুকুৰবাৰে প্লাবিতাৰ গীতটো ইউটিউবত আনুষ্ঠানিকভাৱে মুকলি কৰে গীতটোৰ গীতিকাৰ, সুৰকাৰ তথা কণ্ঠশিল্পী পখিলা লেকথেপীয়ে ৷ গীতটো মুকলি কৰি যশস্বী শিল্পী গৰাকীয়ে কয় যে, ‘প্লাবিতাই ইমান সুন্দৰকৈ মোৰ গীতটো গাইছে যে মোৰ মন ভৰি গৈছে ৷ গীতটো বহুতে গাইছে কিন্তু গীতটোৰ গভীৰলৈ যোৱা নাই ৷ গীতটোত থকা দুখখিনি প্লাবিতাৰ কণ্ঠৰে নিগৰি আহিছে ৷ তদুপৰি সম্পূৰ্ণ কাৰ্বি পৰম্পৰাগত সাজেৰে প্লাবিতাই কৰা ভিডিঅটো ইমান নেচাৰেল হৈছে যে মই পুলকিত হৈছো গীতটো শুনি আৰু চাই ৷ তাইক মই মোৰ বিহুসুৰীয়া গীত এটা আছে, সেইটোও গাবলৈ দিম’ ৷
কাৰ্বিৰ উচ্চাৰণ সুন্দৰ হৈছে বুলি কৈ প্ৰবীণ শিল্পী গৰাকীয়ে কয় যে, ‘মই আৰ্শীবাদ কৰিছো প্লাবিতা আৰু আগবাঢ়ি যাওঁক’ ৷ কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবত গীতটো মুকলি কৰা অনুষ্ঠানত উপস্থিত থকা যুৱ প্ৰজন্মৰ এগৰাকী চিন্তাশিল নেতা তথা পাহাৰীয়া লোকৰ সাংস্কৃতিক সন্থাৰ সভাপতি লাইচান ইংলেঙে কয় যে, ‘প্লাবিতা বাইদেৱে গীতটো ইমান সুন্দৰকৈ গাইছে নামটো নাচালে কোনেও নকব এগৰাকী অসমীয়া শিল্পীয়ে গোৱা বুলি’ ৷