অসম

assam

ETV Bharat / state

কিয় ক্ষোভিত কাৰ্বি-ডিমাচা সংঘৰ্ষৰ শ্বহীদ পৰিয়াল ! - কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ (Karbi Anglong Autonomous Council)ৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে লাংমিলিৰ শ্বহীদ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰাৰ আশ্বাস দিয়ে যদিও পৰিষদৰ যুটীয়া সচিব মাইকেল তিমুঙে এই ক্ষেত্ৰত বিলম্ব কৰি তেওঁলোকক বঞ্চিত কৰি অহাৰ অভিযোগ শ্বহীদ পৰিয়ালৰ ৷

কিয় ক্ষোভিত কাৰ্বি-ডিমাছা সংঘৰ্ষৰ শ্বহীদক পৰিয়াল !
কিয় ক্ষোভিত কাৰ্বি-ডিমাছা সংঘৰ্ষৰ শ্বহীদক পৰিয়াল !

By

Published : Jun 24, 2021, 10:14 PM IST

ডিফু, ২৪ জুন :২০০৫ চনত কাৰ্বি-ডিমাচা সংঘৰ্ষ (KARBI DIMASA CLASH)ত ডিফুৰ লাংমিলিত দুৰ্বৃত্তৰ হাতত শ্বহীদ হোৱাৰ লোকৰ পৰিয়ালৰ সদস্যই বৃহস্পতিবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ (Karbi Anglong Autonomous Council)ৰ সচিবালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উক্ত সংঘৰ্ষত লাংমিলিৰ ১৬ জনকৈ লোক শ্বহীদ হৈছিল ৷ শ্বহীদ লোকসকলৰ নাম, ঠিকনা তথা যাৱতীয় নথি-পত্ৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত জমা কৰা হৈছে ৷ কিন্তু এই ঘটনা সংঘটিত হোৱা ১৬ বছৰৰ পিছতো কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ (Karbi Anglong Autonomous Council)ৰ পৰা কোনো আৰ্থিক সাহায্য লাভ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী পৰিয়ালৰ লোকে ৷

কিয় ক্ষোভিত কাৰ্বি-ডিমাছা সংঘৰ্ষৰ শ্বহীদক পৰিয়াল !

চৰকাৰৰ পৰা কোনো আৰ্থিক সাহায্য লাভ নকৰাত সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে শ্বহীদ পৰিয়ালৰ লোকে ৷ ভুক্তভোগী পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি, চাৰচিম আৰু প্ৰিচেকৰ নৰ সংহাৰত শ্বহীদ হোৱা পৰিয়াল (MARTYAR FAMILY)ৰ লোকে ৫ লাখ টকাকৈ এককালীন সাহায্য লাভ কৰিছে ৷ কিন্তু তাৎপৰ্যপূৰ্ণভাবে কাৰ্বি-ডিমাছা সংঘৰ্ষ (KARBI DIMASA CLASH)ৰ সময়ত অতি নিৰ্মমভাৱে হত্যা কৰা শ্বহীদৰ পৰিয়ালৰ লোকে আজিলৈকে চৰকাৰী অনুমোদন লাভ কৰিবলৈ সক্ষম নহ'ল ৷ বাৰম্বাৰ চেষ্টা কৰিও একো সুফল লাভ নকৰিলে ভুক্তভোগী পৰিয়ালে ৷

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ (Karbi Anglong Autonomous Council)ৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে লাংমিলিৰ শ্বহীদ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰাৰ আশ্বাস দিয়ে যদিও পৰিষদৰ যুটীয়া সচিব মাইকেল তিমুঙে এই ক্ষেত্ৰত বিলম্ব কৰি তেওঁলোকক বঞ্চিত কৰি আহিছে বুলি শ্বহীদ পৰিয়াল (MARTYAR FAMILY)ৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ মাইকেল তিমুঙৰ এনে অস্বাভাৱিক আচৰণৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালে ৷

লগতে পঢ়ক :মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পাছতে মাডাৰ্ছ অ'ল্ড এজ হোমত মন্ত্ৰী অজন্তা নেওগ

ABOUT THE AUTHOR

...view details