অসম

assam

ETV Bharat / state

Karbi youth festival golden jubilee: কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ জোৰদাৰ প্ৰস্তুতি - তাৰালাংছত এক সংবাদমেল সম্বোধন

কাৰ্বি যুৱ মহোৎসৱ সোণালী জয়ন্তী বৰ্ষৰ অতিথি হ’ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৷ ৫ হাজাৰ কাৰ্বি ডেকা-গাভৰুৱে পৰম্পৰাগত সাজ-পাৰ পিন্ধি ৰাষ্ট্ৰপতিৰ আগত গাব থীম ছং ৷

Karbi youth festival golden jubilee
কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষ

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 5:59 PM IST

কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষ

ডিফু, ২১অক্টোবৰ :কাৰ্বি কালচাৰেল চ’ছাইটীৰ উদ্যোগত আগন্তুক বৰ্ষৰ 12 ৰ পৰা 19 জানুৱাৰীলৈ কাৰ্বি আংলং জিলাৰ ডিফুৰ তাৰালাংছত অনুষ্ঠিত হ’বলগীয়া কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী অনুষ্ঠানৰ মুখ্য অতিথি হ’ব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৷ শনিবাৰে তাৰালাংছত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে কাৰ্বি কালচাৰেল চ’ছাইটীৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ আৰু সাধাৰণ সম্পাদক বিদ্যাছিং ৰংপিয়ে ৷

অনুষ্ঠানত ৰাষ্ট্ৰপতি গৰাকীৰ সন্মুখত ৫ হাজাৰ কাৰ্বি ডেকা-গাভৰুৱে জাতীয় সাজপাৰ পৰিধান কৰি যুৱ মহোৎসৱৰ থীম ছঙত কাৰ্বি লোকনৃত্য প্ৰদৰ্শন কৰিব ৷ ই এক সুন্দৰ প্ৰচেষ্টা ৷ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ৩ হাজাৰ যুৱকে বাঁহত উঠি খোজকঢ়া প্ৰদৰ্শন কৰি বিশ্ব অভিলেখ গঢ়াৰ সিদ্ধান্তও গ্ৰহণ কৰাৰ কথা সংবাদ মেলত সদৰী কৰে তেওঁলোকে ৷

ইয়াৰোপৰি আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে শনিবাৰৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব কাৰ্বি মাণ্ডলিক যুৱ মহোৎসৱ ৷ এই উপলক্ষে Karbi Cultural Society ৰ সভাপতি সম্পাদকে মাণ্ডলিক যুৱ মহোৎসৱ সুচাৰুৰূপে পালন কৰিবলৈ মহোৎসৱ সমিতিক শুভেচ্ছা জ্ঞাপন কৰিছে ৷

আনহাতে সভাপতি-সম্পাদক দুয়োগৰাকীয়ে সংবাদমেলৰ জৰিয়তে জনায় যে, কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ গৌৰৱোজ্জল কাৰ্যসূচীত ক্ৰমে ভিয়েটনাম, ইণ্ডোনেচিয়া, দক্ষিণ কোৰিয়া, মালেয়েচিয়া, লাও, কম্বোডিয়া, স্পেনিছ আৰু ম্যানমাৰৰ দৰে বহিঃ ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব ৷ আনহাতে কাৰ্বি সাংস্কৃতিক সমাজৰ তৰফৰ পৰা জিলাখনৰ সকলো জাতি-জনগোষ্ঠীক কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত নিজৰ নিজৰ পৰাম্পৰাগত সাজপাৰ পৰিধান কৰি অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক :Karbi peace accord 2021: প্ৰাক্তন বিদ্ৰোহীসকলক হিতাধিকাৰীৰূপে অন্তৰ্ভুক্ত কৰাৰ দাবী কেৰাফ’ৰ

ABOUT THE AUTHOR

...view details