অসম

assam

স্বায়ত্ব ৰাজ্যৰ দাবীত কাৰ্বিপাহাৰত প্ৰতিবাদ কেইবাটাও সংগঠনৰ

By

Published : Aug 22, 2022, 10:53 PM IST

কংগ্ৰেছৰ পাছত এইবাৰ আঞ্চলিক ৰাজনৈতিক দল এপিএইছএলচিয়ে কাৰ্বি আংলং ৰাইজক বাঞ্চনা কৰাৰ অভিযোগ এএছডিচি, কেএনচিএ, কেএছএ আৰু এএছডিচিৰ ৷ শীঘ্ৰে পাৰ্বত্য জিলাখনক ২৪৪(ক)ৰূপায়ণ কৰাৰ দাবী সংগঠনকেইটাৰ (ASDC demand for Autonomous state) ৷

karbi bodies stage protest on demanding implementation of 244 a
স্বায়ত্ব ৰাজ্যৰ দাবীত অৱস্থান ধমঘট

ডিফু, ২২ আগষ্ট :ভাৰতৰ সংবিধান প্ৰদত্ত ষষ্ঠ অনুসূচীৰ সুবিধা অনুসৰি ২৪৪(ক) ৰূপায়েণেৰে এখন স্বায়ত্ব ৰাজ্যৰ দীৰ্ঘদিনীয়া দাবী লৈ পুনৰ সৰৱ হৈ পৰিছে অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ এএছডিচি আৰু ভাতৃ-ভগ্নী সংগঠনসমূহ (Demand for Autonomous state) ৷ ডিফুৰ ছেমছনছিং ইংতি সোঁৱৰণী উদ্যানৰ সন্মুখত সোমবাৰে এএছডিচি, কেএনচিএ, কেএছএ আৰু এএছডিচিৰ যুৱ ফ্ৰণ্টৰ যৌথ উদ্যোগত সংবিধান প্ৰদত্ত ২৪৪(ক)ৰূপায়ণৰ দাবীত অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে (ASDC demand for Autonomous state) ৷

প্ৰতিবাদকাৰীসকলে ন' অট'নমাছ ষ্টেট, ন' ৰেষ্ট, এএছডিচি, কেএনচিএ, কেএছএ জিন্দাবাদ আদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ এএছডিচিৰ প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ ডেনিয়েল টেৰনে কয় যে, সংবিধানৰ ষষ্ঠ অনুসূচীভুক্ত অনুচ্ছেদ ২৪৪(ক) কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ দীৰ্ঘদিনীয়া দাবী ৷ যিকোনো উপায়ে ইয়াক লোৱাটো এএছডিচিৰ সংকল্প ৷

স্বায়ত্ব ৰাজ্যৰ দাবীত অৱস্থান ধমঘট

প্ৰথমতে কংগ্ৰেছে ২৪৪(ক)লৈ জিলাবাসীক বঞ্চিত কৰি আহিছিল আৰু এতিয়া জিলাখনৰ আঞ্চলিক ৰাজনৈতিক দল এপিএইছএলচিয়ে বঞ্চিত কৰিবলৈ ধৰিছে ৷

তেওঁ লগতে কয় যে, বিজেপি দলে ইতিমধ্যে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত ২৪৪(ক)ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে বিভিন্ন নিৰ্বাচনী ভাষণত বিজেপিৰ শীৰ্ষ নেতাসকলে নিৰ্বাচনত জয়ী হ’লে ২৪৪(ক) ৰূপায়ন কৰি স্বায়ত্ব ৰাজ্য প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ এএছডিচিৰ প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰগৰাকীয়ে প্ৰতিশ্ৰুতি অনুসৰি শীঘ্ৰে পাৰ্বত্য জিলাখনক ২৪৪(ক)ৰূপায়ণ কৰিবলৈ দাবী জনায় ৷ তেওঁলোকে এই সন্দৰ্ভত প্ৰতিবাদস্থলীৰ পৰা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে বুলি সাংসদ নৱ কুমাৰ শৰণীয়াক কটাক্ষ বিধায়ক দিগন্ত কলিতাৰ

ABOUT THE AUTHOR

...view details