অসম

assam

ETV Bharat / state

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ 234 সংখ্যক অধিবেশন

সৰ্বসন্মত সিদ্ধান্ত মৰ্মে প্ৰয়াত পিটৰ টুপিটৰ স্মৃতিত এক শোকপ্ৰস্তাৱ গৃহিত কৰাৰ পাচতে ২৩৪ সংখ্যক অধিবেশনৰ সামৰণি পৰে ৷

KARBI ANGLONG

By

Published : Jun 21, 2019, 8:52 PM IST

Updated : Jun 21, 2019, 9:30 PM IST

ডিফু,21 জুন:- কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ 234 সংখ্যক অধিবেশন ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিৰ অধ্যক্ষতাত শুকুৰবাৰে অনুষ্ঠিত বিশেষ অধিবেশন খনত পৰিষদৰ প্ৰয়াত মনোনীত এমএচি পিটৰ টুপিটৰ মৃত্যু দিৱসত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ অধিবেশনত প্ৰয়াত মনোনীত এমএচি গৰাকীৰ পৰিষদলৈ আগবঢ়োৱা অৰিহনা আৰু অৱদানৰ শলাগ লোৱাৰ লগতে তেওঁৰ কৰ্ম জীৱনৰ ওপৰত অধিবেশন খনত এক চমু আলোচনা হয় ৷ ইয়াৰ পাচতে সৰ্ব সন্মত সিদ্ধান্ত মৰ্মে প্ৰয়াত পিটৰ টুপিটৰ স্মৃতিত এক শোকপ্ৰস্তাৱ গৃহীত কৰাৰ পাচতে ২৩৪ সংখ্যক অধিবেশনৰ সামৰণি পৰে ৷

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ 238 সংখ্যক অধিবেশন
Last Updated : Jun 21, 2019, 9:30 PM IST

ABOUT THE AUTHOR

...view details