অসম

assam

ETV Bharat / state

কৃতী শিক্ষাৰ্থীক কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ সম্বৰ্ধনা

তেৰ গৰাকী ছাত্ৰ-ছাত্ৰীক 50 হাজাৰ টকা নগদ ধন আৰু মানপত্ৰৰে সম্বৰ্ধনা ৷

By

Published : May 17, 2019, 7:26 PM IST

কৃতী শিক্ষাৰ্থীক কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ সম্বৰ্ধনা

ডিফু, 17 মে' : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাৰ্বি আংলঙৰ পৰা কৃতিত্ব সহকাৰে 90 শতাংশৰ পৰা আৰম্ভ কৰি ততোধিক নম্বৰ লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা কৃতী ছাত্ৰ- ছাত্ৰী সকলক শুকুৰবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নৱনিৰ্মিত সচিবালয়ত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ডিফু লোকসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী হৰেণচিং বে' কেইবাগৰাকীও ই এম, এম এচি প্ৰধান সচিব আৰু অভিভাৱক তথা ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ৷ জিলাখনলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্ব কঢ়িয়াই অনা মুঠ 13 গৰাকী ছাত্ৰ-ছাত্ৰীক 50 হাজাৰ টকা নগদ ধন আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ছাত্ৰ- ছাত্ৰী সকলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত লাভ কৰা ঈৰ্ষণীয় ফলাফলৰ বাবে উৎফুল্লিত হৈ ঘোষণা কৰে যে, যদিহে কৃতিত্ব লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলে বুজাবুজি চুক্তিৰ জৰিয়তে চিকিৎসক হোৱাৰ পিছত কাৰ্বি আংলং জিলাতে সেৱা আগবঢ়াই তেনেহ’লে চিকিৎসা মহাবিদ্যালয়ত তেওঁলোকৰ পঢ়াৰ যাৱতীয় খৰচ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে বহন কৰিব ৷ আনহাতে, শিক্ষাৰ মানদণ্ড অৰ্দ্ধনমিত হোৱা চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহৰ শিক্ষাগত দিশটোৰ উন্নত কৰাৰ বাবে পৰিষদে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আশ্বাস দিয়ে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷

কৃতী শিক্ষাৰ্থীক কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ সম্বৰ্ধনা

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে সম্বৰ্ধনা জনোৱা ছাত্ৰ - ছাত্ৰী সকল ক্ৰমে, ডিফু ডনবস্ক' হাইস্কুলৰ আশিকা দাস, খেৰণিৰ জ্যোতি ফুৰা, ডিফু বদন মেম'ৰিয়েল হাইস্কুলৰ ছানিয়া ছিং, বোকাজান বিদ্যাসাগৰ হাইস্কুলৰ বৰ্ণাধ্য গগৈ, ক্ৰমে, ডিফু মাউণ্ট কালভাৰীৰ নফিচা তাছমিন লষ্কৰ, আৰু সুপ্ৰিতী বৰা, বোকাজান বিদ্যাসাগৰ হাইস্কুলৰ ৰমা ভাৰৱা, ডিফু মাউণ্ট কালভাৰী স্কুলৰ মৃণ্ময় ডেকা বৰুৱা, ডিফু মাউণ্ট কালভাৰীৰ তৃপ্তী পাল, হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰণামী শইকীয়া, বোকাজান প্ৰণব বিদ্যাপীঠৰ নিতুপৰ্ণ ভট্টাচাৰ্য, হাওৰাঘাট শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ মানৱী দেবনাথৰ, ময়ুৰজ্যোতি নাথ ৷ ইয়াৰোপৰি ডিফুৰ তিনি সাংবাদিক সন্তানকো কৃতিত্ব অৰ্জন কৰাৰ বাবে পৰিষদে সম্বৰ্ধনা জনায় ৷ তেওঁলোক ক্ৰমে, সন্দিপন সাৰংগ, প্ৰতীক্ষা বৰা আৰু মেলিম ছিংনাৰ ৷

ABOUT THE AUTHOR

...view details