অসম

assam

ETV Bharat / state

স্বামীৰ হাতত প্ৰাণ গল পত্নীৰ

বুধবাৰে পুৱতি নিশা প্ৰায় 4-30 মান বজাত ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত 0 পইণ্টৰ ৰাম তেৰাং গাঁৱৰ মোহন তেৰাং নামৰ এজন লোকে পত্নীৰ সৈত সাংসাৰিক কাজিয়াত লিপ্ত হৈ পত্নী নালী টেৰণপী ( ৩০)ক কাঠৰ টুকুৰাৰে মূৰত প্ৰহাৰ কৰি হত্যা কৰে

By

Published : Jul 18, 2019, 11:35 PM IST

স্বামীৰ হাতত প্ৰাণ গল পত্নীৰ

ডিফু, 18 জুলাইঃ কাৰ্বি আংলং জিলাৰ ডিলাইত স্বামীৰ প্ৰহাৰত পত্নীৰ মৃত্যু হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, যোৱা বুধবাৰে পুৱতি নিশা প্ৰায় 4-30 মান বজাত ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত 0 পইণ্টৰ ৰাম তেৰাং গাঁৱৰ মোহন তেৰাং নামৰ এজন লোকে তেওঁৰ পত্নীৰ সৈতে সাংসাৰিক কাজিয়াত লিপ্ত হৈ পত্নী নালী টেৰণপী ( ৩০)ক কাঠৰ টুকুৰাৰে মূৰত প্ৰহাৰ কৰি আহত কৰে । পিছত নালী টেৰণপীক ডিলাইৰ উপস্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । ঘটনা সন্দৰ্ভত ডিলাই থানাত 25/19 নম্বৰত এক গোচৰ ৰুজু কৰি হত্যাকাৰী স্বামী মোহন তেৰাঙক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে ।

ABOUT THE AUTHOR

...view details