ডিফু, ২৭ ডিচেম্বৰ : সোমবাৰে পুৱাৰ ভাগতে কাৰ্বি আংলঙৰ সাহিত্য জগতৰ স্থান উকা কৰি, সাহিত্যানুৰাগীক কন্দুৱাই চিৰ বিদায় মাগিলে ডিফুৰ বিশিষ্ট কবি-সাহিত্যিক পাৰি ৰংপীয়ে (Karbi Anglongs eminent litterateur Pari Rangpi passes away) । সোমবাৰে পুৱা ৬.৩০ মান বজাত ডিফু চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে লৈ যোৱাৰ পথতে মৃত্যু ঘটে সাহিত্যিক পাৰি ৰংপীৰ ।
উল্লেখ্য, সাহিত্যিক পাৰি ৰংপি দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল বুলি জানিব পৰা গৈছে । মৃত্যুৰ সময়ত পাৰি ৰংপিৰ বয়স প্ৰায় ৭৮ বছৰ আছিল বুলি জানিব পৰা গৈছে । প্ৰাপ্ত খবৰ অনুসৰি, নলবাৰীত অসম সাহিত্য সভাৰ (Assam Sahitya Sabha) এক অনুষ্ঠানত অংশগ্ৰহণ কৰি দেওবাৰে ডিফুলৈ ঘূৰি অহাৰ পিছত সোমবাৰে পুৱাতেই তেওঁৰ বিয়োগ ঘটে ।
সদ্য সাহিত্যিক পেঞ্চনৰ সন্মান লাভ কৰা প্ৰয়াত ৰংপিৰ (literary pensioner Pari Rangpi passes away) বিয়োগত আবেগিক হৈ পদ্মশ্ৰী ৰংবং তেৰাঙে (Padma shree Rongbong Terang) সাংবাদিকৰ আগত কয়, "বিশিষ্ট সাহিত্যিক পাৰি ৰংপিৰ মৃত্যু মই বিশ্বাস কৰিব পৰা নাই । তেওঁৰ আকস্মিক বিয়োগত মোৰ লগতে মোৰ পত্নীও মৰ্মাহত হৈ পৰিছে ।