অসম

assam

ETV Bharat / state

ভৌগলিক স্বীকৃতিপ্ৰাপ্ত কাৰ্বি আংলঙৰ আদাৰ বাবে ডাক বিভাগৰ বিশেষ কভাৰ - কাৰ্বি আংলঙৰ আদা

পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ আদা খেতিয়কসকললৈ আশব্যঞ্জক বাতৰি ৷ জিলাখনত উৎপাদিত আদাই জিঅ’গ্ৰাফীকেল ইণ্ডিকেশ্যন লাভ কৰাৰ পিছতে ডাক বিভাগে মুকলি কৰিলে নতুন কভাৰ ৷

AS10035#DIPHU#31/08/2021# release of spl.cover on k/a ginger
ভৌগলিক স্বীকৃতিপ্ৰাপ্ত কাৰ্বি আংলঙৰ আদাৰ বাবে ডাক বিভাগৰ বিশেষ কভাৰশেষ কাভাৰ

By

Published : Sep 1, 2021, 2:06 PM IST

ডিফু, 1 ছেপ্তেম্বৰ : কাৰ্বি আংলঙৰ আদাই ভৌগলিক স্বীকৃতি (Geographical Indication) লাভ কৰাৰ পিছতে ইয়াক সমগ্ৰ বিশ্বতে পৰিচিত কৰাৰ বাবে জিলাখনৰ ডাক বিভাগে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ কাৰ্বি আংলং জিলাত উৎপাদিত সামগ্ৰী হিচাপে প্ৰথমবাৰৰ বাবে এই বিৰল সন্মান লাভ কৰিছে আদাই ৷ সেয়েহে আদাৰ নামত ভাৰতীয় ডাক বিভাগে এক বিশেষ কভাৰৰ ব্যৱস্থা কৰিছে ।

মঙলবাৰে কাৰ্বি আংলঙৰ সদৰ ডিফুত ডাক বিভাগৰ নগাঁও সংমণ্ডলৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বিশেষ কভাৰৰ শুভ উন্মোচন কৰা হয় । অনুষ্ঠানটোত উপস্থিত থাকি জিলাখনত উৎপাদিত আদাৰ মানদণ্ড অটুট ৰাখিবলৈ খেতিয়ক সকলক আহ্বান জনায় ডাক বিভাগৰ নগাঁও সংমণ্ডলৰ অধীক্ষক দেৱাশীস গোস্বামীয়ে ৷

ভৌগলিক স্বীকৃতিপ্ৰাপ্ত কাৰ্বি আংলঙৰ আদাৰ বাবে ডাক বিভাগৰ বিশেষ কভাৰ

ডাক বিভাগৰ এই পদক্ষেপৰ জৰিয়তে দেশ-বিদেশত কাৰ্বি আংলঙৰ আদাই এক বিশেষ প্ৰচাৰ লাভ কৰাৰ সুযোগ লাভ কৰিব বুলিও গোস্বামীয়ে মন্তব্য কৰে ৷ ইয়াৰ উপৰিও এই পদক্ষেপৰ দ্বাৰা কাৰ্বি আংলঙৰ কৃষকসকলৰ সৰ্বাংগীণ বিকাশৰ পথ প্ৰশস্ত হ’ব বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে ৷

লগতে জিলাখনৰ আদা খেতিয়কসকলক যথাসম্ভৱ সহায়ৰ হাত আগবঢ়োৱাৰো আশ্বাস প্ৰদান কৰে বিষয়াগৰাকীয়ে ৷ মঙলবাৰৰ এই অনুষ্ঠানটোত উপস্থিত থাকে কাৰ্বি আংলং জিলা কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালক বিদু কুমাৰ ৰাইজুং, জিনফেডৰ জীতেন চাৰফাংছাকে ধৰি কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি ৷ উচ্চ মানদণ্ড তথা গুণবিশিষ্ট কাৰ্বি আংলঙৰ আদাই বিগত সময়ছোৱাত এক বিশেষ আদাৰ লাভ কৰি অহাৰ সময়তেই জিলাখনৰ আদা খেতিয়কসকলৰ বাবে ই নিশ্চিতভাৱে এক আনন্দৰ বতৰা ৷

ভৌগলিক স্বীকৃতিপ্ৰাপ্ত কাৰ্বি আংলঙৰ আদাৰ বাবে ডাক বিভাগৰ বিশেষ কভাৰ

2015 চনৰ 31 মাৰ্চত কাৰ্বি আংলঙত উৎপাদিত আদাই লাভ কৰিছিল ভৌগলিক স্বীকৃতি ৷ কোনো সামগ্ৰীৰ নিৰ্দিষ্ট ভৌগোলিক অৱস্থিতি, গুনগত মানদণ্ড, নিৰ্দিষ্ট প্ৰস্তুত প্ৰণালী বা বিশেষত্বৰ ওপৰত ভিত্তি কৰি ভৌগোলিক স্বীকৃতি বা Geographical Indicationপ্ৰদান কৰা হয় ৷ যিটো সামগ্ৰী কেৱল সেই নিৰ্দিষ্ট ভৌগোলিক পৰিসীমাৰ ভিতৰতহে উপলব্ধ ৷

ভৌগোলিক স্বীকৃতিয়ে সেই বিশেষ উপাদান, নিৰ্দিষ্ট অঞ্চলটোতহে বাণিজ্যিকভাৱে উৎপাদন কৰাৰ অধিকাৰ আৰু আইনী সুৰক্ষা প্ৰদান কৰে ৷ ৰ্তমানলৈ অসমত উৎপাদিত মুঠ9 বিধ সামগ্ৰীয়ে লাভ কৰিছে ভৌগোলিক স্বীকৃতি ৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত অধিক গুৰুত্ব পাই অহা এই আদা কম আঁহযুক্ত আৰু উচ্চ উৎপাদনক্ষম কাৰ্বি আংলং জিলাৰ সিংহাসন, ৰাইডুং, উমলাফেৰ আদি পাহাৰত উপলব্ধ ৷

সহস্ৰাধিক খেতিয়ক এই আদা খেতিৰ লগত জড়িত ৷ বিশেষকৈ সিংহাসন পাহাৰৰ জলবায়ু আৰু মাটিক আদা উৎপাদনৰ বাবে অতি উপযুক্ত হিচাপে গণ্য কৰা হৈছে ৷ কাৰ্বি আংলঙৰ আদা খেতিৰ বাবেশীতল আৰু বালিচহীয়া পাহাৰীয়া মাটিৰ প্ৰয়োজন, যাৰ বাবে সিংহাসন পাহাৰএক উপযুক্ত স্থান ৷

লগতে পঢ়ক :পৰিশ্ৰমৰ উচিত মূল্য পাইছেনে ভৌগলিক স্বীকৃতিপ্ৰাপ্ত 'অসম কাৰ্বি আংলং আদা'ৰ খেতিয়কসকলে ?

ABOUT THE AUTHOR

...view details