অসম

assam

কাৰ্বি আংলঙত প্ৰায় ৪ কোটি টকাৰ হেৰ'ইন জব্দ

By

Published : Sep 1, 2021, 4:03 PM IST

অসম আৰক্ষীৰ অভিযানৰ মাজতো ৰাজ্যত অব্যাহত আছে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ । আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছ সৰবৰাহ অব্যাহত ৰাখিবলৈ দুষ্টচক্ৰই বিভিন্ন পন্থা হাতত লৈছে । অৱশ্যে ড্ৰাগছ সৰবৰাহৰ নতুন পন্থা হাতত লৈও কাৰ্বি আংলং আৰক্ষীৰ সন্মুখত বিফল হ'ল ড্ৰাগছ ব্যৱসায়ী ।

police seize
কাৰ্বি আংলঙত প্ৰায় ৪ কোটি টকাৰ হেৰ'ইন জব্দ

ডিফু, ১ ছেপ্তেম্বৰ: নিষিদ্ধ ড্ৰাগছৰ (Drugs) বিৰুদ্ধে অসম আৰক্ষীৰ (Assam Police) অভিযান অব্যাহত আছে । চলিত বছৰত আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা কোটি কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে । সমান্তৰালকৈ বহু ড্ৰাগছ সৰবৰাহকাৰীকো (Drugs Peddler) গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

যাৰ বাবে সৰবৰাহকাৰী তথা ড্ৰাগছ ব্যৱসায়ীয়ে নতুন নতুন কৌশল অৱলম্বন কৰা দেখা গৈছে । ড্ৰাগছ সৰবৰাহৰ বাবে বিভিন্ন পন্থা হাতত লৈছে ব্যৱসায়ীসকলে । অৱশ্যে আৰক্ষীৰ নিছিদ্ৰ তালাচীৰ মাজত সেই কৌশলসমূহো বিফল হৈ পৰিছে । এইবাৰ কাৰ্বি আংলং আৰক্ষীৰ এক বৃহৎ সফলতা ৷

কাৰ্বি আংলঙত প্ৰায় ৪ কোটি টকাৰ হেৰ'ইন জব্দ

গাড়ীৰ লাইটৰ চেম্বাৰৰ ভিতৰত সৰবৰাহৰ কৰা প্ৰায় ৪ কোটি টকাৰ নিষিদ্ধ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হৈছে কাৰ্বি আংলং আৰক্ষী ।

প্ৰাপ্ত খবৰ অনুসৰি অসম-নাগালেণ্ড সীমান্তৰ পুৰণি লাহৰীজান আৰক্ষী পহৰা চকীৰ সন্মুখত পুৱা প্ৰায় ৮ মান বজাত ভাৰপ্ৰাপ্ত বিষয়া মনোজ্জল গগৈৰ নেতৃত্বত চলোৱা তালাচী অভিযানত এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা MN-০১-S-১৬৮০ নম্বৰৰ বলেৰ' বাহনখনত সন্দেহবশতঃ আৰক্ষীয়ে তালাচী চলায় । ৰহস্যজনকভাৱে বাহনখনৰ বেক লাইটৰ চেম্বাৰৰ পৰা ৫০ টা চাবোনৰ বাকচ উদ্ধাৰ কৰে আৰক্ষীয়ে । বাকচ কেইটাত আছিল প্ৰায় ৬৪৬ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন ।

ড্ৰাগছখিনিৰ সৰবৰাহত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে মণিপুৰৰ চণ্ডেল জিলাৰ চকপিৰং থানা এলেকাৰ নাংআমচেই হাওকিপ আৰু চুৰাচান্দপুৰ জিলাৰ লেটখ'লাল নামৰ দুজন লোকক আটক কৰে ৷ সন্দেহযুক্ত হেৰ'ইনখিনি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতুপন চুতীয়াৰ উপস্থিতিত জব্দ কৰা হয় বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷ আনহাতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে জানিবলৈ দিয়া অনুসৰি জব্দ কৰা সন্দেহযুক্ত হেৰ'ইনখিনিৰ আন্ত:ৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৪ কোটি টকা হ'ব ৷

লগতে পঢ়ক :ৰোগীক ৰামঠগন দি আৰক্ষীৰ জালত ভুৱা চিকিৎসক

ABOUT THE AUTHOR

...view details