অসম

assam

কাৰ্বি আংলং আৰক্ষীয়ে বিভিন্ন দিশত লাভ কৰা সফলতাসমূহ

By

Published : Oct 1, 2020, 7:07 PM IST

সম্পূৰ্ণ COVID প্ৰট'কলৰ মাজেৰে বৃহস্পতিবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙত উদযাপন কৰা হয় আৰক্ষী দিৱস ৷ আৰক্ষী দিৱসৰ দিনটোত কাৰ্বি আংলং আৰক্ষীয়ে বিভিন্ন দিশত লাভ কৰা সফলতাসমূহৰ খতিয়ান সম্পৰ্কে জানিবলৈ দিয়ে কৰ্তৃপক্ষই ৷

কাৰ্বি আংলং আৰক্ষীয়ে বিভিন্ন দিশত লাভ কৰা সফলতাসমূহ
কাৰ্বি আংলং আৰক্ষীয়ে বিভিন্ন দিশত লাভ কৰা সফলতাসমূহ

ডিফু, 1 অক্টোবৰ : সমগ্ৰ দেশৰ লগতে বৃহস্পতিবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয়, বিভিন্ন আৰক্ষী থানা, টাউন আৰক্ষী চকী, পহৰা চকী আদিত পালন কৰা হয় আৰক্ষী দিৱস ৷ সম্পূৰ্ণ COVID প্ৰট'কলৰ মাজেৰে অনুষ্টুপীয়া কাৰ্যসূচীৰ মাজেৰে আৰক্ষীসকলে পালন কৰিলে আৰক্ষী দিৱস ৷ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উদযাপিত আৰক্ষী দিৱসৰ পতাকা উত্তোলন কৰে জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে ৷ তাৰ পাচত আৰক্ষীৰ কৰ্তব্য পালন কৰিবলৈ গৈ নিজৰ জীৱন উচৰ্গা কৰা শ্বহীদ আৰক্ষীৰ বিষয়া-জোৱান সকলৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰা হয় ৷

কাৰ্বি আংলং আৰক্ষীয়ে বিভিন্ন দিশত লাভ কৰা সফলতাসমূহ

এই কাৰ্যসূচীতে বিভিন্ন সময়ত নিজৰ কৰ্তব্য পালন কৰিবলৈ গৈ কৰ্ম ক্ষেত্ৰত প্ৰদৰ্শন কৰা নিয়ামানুৱৰ্তিতা, দক্ষতা আৰু সততাৰ লগতে, সাহসিকতাৰ বাবে বহু আৰক্ষী জোৱান আৰু বিষয়াক জিলা আৰক্ষী অধীক্ষকে প্ৰশংসা পত্ৰৰে সন্মানিত কৰে ৷ ৰাজ্যৰ পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ পৰিৱেশ-পৰিস্থিতি অন্য জিলাসমূহতকৈ স্বাভাৱিকতে পৃথক ৷ জিলাখনত আৰক্ষীয়ে বিভিন্ন প্ৰতিকূল পৰিস্থিতি আৰু প্ৰতিবন্ধকতাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে ৷ সন্ত্ৰাসবাদীৰ দৌৰাত্ম্য, কূটাঘাতমূলক কাম, অসামাজিক চক্ৰ, চোৰাং চিকাৰী, চোৰাং সৰবৰাহৰ লগতে বিভিন্ন ধৰণৰ অপৰাধীৰ বিচৰণ ভূমি, আন্তৰ্জাতিক অপৰাধী চক্ৰৰ বেআইনী ক্ৰিয়াকলাপ আদিৰ বাবে জিলাখনৰ আৰক্ষী সদা সচেতন আৰু ব্যস্ত থাকিবলগীয়া হয় ৷ তাৰ মাজতে জিলা আৰক্ষীৰ লোকসকলে এই অপৰাধ চক্ৰ আৰু অপৰাধমূলক ক্ৰিয়াকলাপৰ বিৰুদ্ধে সাহস আৰু বুদ্ধিমত্তাৰে যুঁজি আহিছে আৰু কঠোৰ হাতেৰে অপৰাধ দমন কৰি আহিছে ৷ লগতে সাধাৰণ জনতাক সকলো প্ৰকাৰৰ ৰক্ষণাবেক্ষণ প্ৰদান কৰি দেশৰ অখণ্ডতা আৰু শান্তি-শৃংখলা অটুট ৰাখি অসম আৰক্ষীৰ মৰ্যাদা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে ৷

বিগত সময়ত বৃহৎ পৰিমাণৰ ড্ৰাগছ তথা সন্দেহযুক্ত নিচাযুক্ত দ্ৰব্য জব্দ কৰে কাৰ্বি আংলং আৰক্ষীয়ে

শেহতীয়াকৈ কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক হিচাপে দেৱজিৎ দেউৰীয়ে জিলাখনৰ আইন-শৃংখলা ৰক্ষাৰ দায়িত্ব গ্ৰহণৰ পিচত জিলা আৰক্ষীৰ চমকপ্ৰদ পৰিৱৰ্তন লক্ষ্য কৰা হৈছে৷ বিশেষকৈ তেওঁৰ যোগ্য নেতৃত্ব, কৰ্তব্যনিষ্ঠা, সৰ্বসাধাৰণৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু অসাধাৰণ ব্যক্তিত্বৰ বাবে জিলা আৰক্ষী বিভাগটোৱে জনসাধাৰণৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছে ৷ সেয়ে বৰ্তমান দেৱজিৎ দেউৰীৰ নেতৃত্বত জিলাখনৰ আৰক্ষীৰ ওপৰত সাধাৰণ ৰাইজৰ আস্থা আৰু বিশ্বাস অতি গভীৰ হোৱা পৰিলক্ষিত হৈছে ৷

গাঞ্জা ৪৮৩ কেজি ৫০৫ গ্ৰাম জব্দ কৰে আৰক্ষীয়ে

এইখিনিতে বিভাগীয় কৰ্তৃপক্ষই বিগত এটা বছৰত কাৰ্বি আংলং জিলা আৰক্ষীয়ে বিভিন্ন ক্ষেত্ৰত লাভ কৰা সফলতাৰ কিছু প্ৰদান কৰা কিছু আভাস-

ড্ৰাগছ তথা সন্দেহজনক নিচাযুক্ত দ্ৰব্য :

গাঞ্জা ৪৮৩ কেজি ৫০৫ গ্ৰাম, হেৰইন-ব্ৰাউন ছুগাৰ ৮ কেজি ৪৭২ গ্ৰাম, য়াব টেবলেট ১,০১,০২৫ টা, এছ.পি টেবলেট ২৮,০৮০ টা জব্দ কৰাৰ লগতে এই সংক্ৰান্তত মুঠ ২২ জন অপৰাধীক গ্ৰেপ্তাৰ কৰে কাৰ্বি আংলং আৰক্ষীয়ে ৷

এই সময়ছোৱাত মুঠ ৩ জন সন্ত্ৰাসবাদী আৰু অপৰাধী এনকাউণ্টাৰত মৃত্যু হৈছে ৷ ইয়াৰে ডিএনএলএৰ ২ জন কেডাৰ আৰু অজ্ঞাত পৰিচয়ৰ এজন ৷

আনহাতে, মুঠ ২৩ জন সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ কৰে কাৰ্বি আংলং আৰক্ষীয়ে ৷ ইয়াৰে পিডিচিডিৰ ১১ জন, ডিএনএলএ ৭ জন, ইউপিআৰএফ ২ জন, আলফা এজন, এনএছচিএন ২ জন ৷ লগতে গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী ৬ জন আৰু হৰিণাৰ চোৰাং বেহাত জড়িত ৮ জনক গ্ৰেপ্তাৰ কৰে ৷

বিভিন্ন উৎসৰ পৰা উদ্ধাৰ কৰা অস্ত্ৰ-শস্ত্ৰবোৰ হৈছে :

এ.কে ছিৰিজৰ ৰাইফল ৫ টা আৰু ৭ টা মেগজিন, ৪ টা মেগজিনৰ সৈতে এম ১৬ ৰাইফল এটা, জি ৩ ৰাইফল এটা, মেগজিনসহ পইন্ট ২২ পিষ্টল ৩ টা, পইন্ট ৩২ পিষ্টল ২ টা, সাধাৰণ পিষ্টল এটা, ৭ পইন্ট ৬৫ এটা, এছবিবিএল/ডিবিবিএল ৫ টা ৷

ইয়াৰোপৰি ৰিমট কণ্ট্ৰ’লসহ আইইডি এটা আৰু গ্ৰেনেড এটাও বিগত বছৰত কাৰ্বি আংলং আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

লগতে বিগত এটা বছৰত (১ অক্টোবৰ, ২০১৯ ৰ পৰা ৩০ ছেপ্তেম্বৰ, ২০২০) কেইবাগৰাকীও আৰক্ষীৰ লোকে বিভিন্ন সন্মান আৰু পুৰস্কাৰ লাভ কৰাৰ লগতে সাধাৰণ জনতাকো সন্মানিত কৰে ৷ সেইবোৰ হৈছে:

1. ২০২০ ৰ স্বাধীনতা দিৱসৰ আৰক্ষী মেডেল (মেধা সেৱা) লাভ কৰে ৩ জনে

2. ২০২০ৰ মুখ্যমন্ত্ৰী মেডেল (মেধা সেৱা) লাভ কৰে ৩ জনে

3. ২০২০ৰ ডিজিপি কমেনডেশ্যন (ৰূপ) মেডেল লাভ কৰে ২ জনে

4. ডিজিপি কমেনডেচন চাৰ্টিফিকেট লাভ কৰে ৩ জনে

5. ডিজিপি (চিআৰ) প্ৰশংসা-পত্ৰ লাভ কৰে ১৮ জনে ৷ ইয়াৰে এজন এছপি, এছডিপিঅ’ এজন, পৰিদৰ্শক এজন, এছআই ১০ জন, এএছআই এজন, ইউবিচি ৪ জন, এনকে (ইউবি) এজন ৷

6. এছ পি প্ৰসংসা-পত্ৰ লাভ কৰে ৬৬ জনে ৷ ইয়াৰে ভিতৰত আৰক্ষীৰ লোক, ভিডিপি আৰু অসামৰিক লোকো আছে ৷

আনহাতে, এছপি আৰ্থিক পুৰস্কাৰ লাভ কৰে ১৭৫ জনে ৷ ইয়াৰে ভিতৰত এএছআই ৮ জন, এইচএভি ৭ জন, হেড কনিষ্টবল ৪ জন, কনিষ্টবল ১১৩ জন, হোম গাৰ্ড ৩৮ জন, এনকে ৪ জন আৰু এলএনকে এজন ৷

লগতে পঢ়ক:দিবন ডেকা সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্তৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details