অসম

assam

ETV Bharat / state

মটৰ শ্ৰমিকৰ ২৪ ঘণ্টীয়া চকা বন্ধৰ সমৰ্থনত কাৰ্বি আংলং মটৰ পৰিবহন আৰু চালক সন্থা

মটৰ শ্ৰমিক সকলৰ ২৪ ঘণ্টীয়া চকা বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন কাৰবি আংলং মটৰ পৰিবহন আৰু চালক সন্থাৰ সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেছন আৰু সদৌ অসম মটৰ শ্ৰমিক সন্থাৰ সমন্বয়ৰক্ষী সমিতিয়ে অহা ২৭ জানুৱাৰীত আহ্বান জনোৱা ২৪ ঘণ্টীয়া চকা বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে কাৰ্বি আংলং মটৰ পৰিবহন শ্ৰমিক আৰৱ চালক সন্থাই ৷

চকা বন্ধৰ সমৰ্থনত কাৰ্বি আংলং মটৰ পৰিবহন আৰু চালক সন্থা
চকা বন্ধৰ সমৰ্থনত কাৰ্বি আংলং মটৰ পৰিবহন আৰু চালক সন্থা

By

Published : Jan 25, 2021, 9:33 PM IST

ডিফু,25 জানুৱাৰী :সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেছন আৰু সদৌ অসম মটৰ শ্ৰমিক সন্থাৰ সমন্বয়ৰক্ষী সমিতিয়ে অহা 27 জানুৱাৰীত আহ্বান জনোৱা 24 ঘণ্টীয়া চকা বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে কাৰ্বি আংলং মটৰ পৰিবহন শ্ৰমিক আৰু চালক সন্থাই ৷

সন্থাৰ ষ্টিয়াৰিং কমিটিৰ আলোচনা মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি এক পেছ বিবৃতি যোগে সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে এই কথা জানিবলৈ দিছে ৷

চকা বন্ধৰ সমৰ্থনত কাৰ্বি আংলং মটৰ পৰিবহন আৰু চালক সন্থা

মটৰ শ্ৰমিক সকলক সামাজিক সুৰক্ষা আইনৰ আওতাত আনি মটৰ শ্ৰমিকৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে ক'ভিডৰ সময়ত নিঃস্বাৰ্থ সেৱা আগবঢ়োৱা মটৰ শ্ৰমিক সকললৈ বিশেষ পেকেজ প্ৰদান কৰাৰ দাবী ন্যায্য দাবী বুলি জনায় সাধাৰণ সম্পাদক গৰাকীয়ে ৷ সেয়ে সকলো গাড়ীৰ গৰাকী বাছ আৰু ট্ৰাক পৰিবহন চালক, টেক্সি, অট' চালক সকলক উক্ত বন্ধ সাফল্য মণ্ডিত কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক:কোনে ক'ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা !

ABOUT THE AUTHOR

...view details