ডিফু, ১৭ নৱেম্বৰ:১৯৫১ চনৰ ১৭ নৱেম্বৰত গঠন হোৱা কাৰ্বি আংলং জিলাৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত পৰিষদীয় সিংহাসন সমষ্টিৰ লংনিট হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয় । এই উপলক্ষে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে লংনিটত কাৰ্বি ছাত্ৰ সন্থাৰ এটা কাৰ্যালয় উদ্বোধন কৰে । লংনিটত কাৰ্বি পৰম্পৰাগত পূজা-অৰ্চনাৰ বাবে এটা গৃহ উন্মোচন কৰা হয় । ইয়াৰ লগতে পশু পালন বিভাগৰ দুগ্ধ উন্নয়ন খণ্ডৰ এটা বিপণি আৰু এটা কাৰ্যালয় গৃহ মুকলি কৰে ৰংহাঙে ।
লংনিটত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰংহাঙে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । এই মুকলি সভাত উপস্থিত থাকে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন,বিধায়ক ক্রমে বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, ৰূপছিং টেৰণ, পৰিষদৰ অধ্যক্ষ ৰাজু তিছ', উপাধ্যক্ষ অজিত কুমাৰ দে আদি । অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে ভাষণ প্রদান কৰি কয় যে দেশ স্বাধীন হোৱাৰ সময়তে গঠন হোৱা জিলাখনে বিগত ১০টা বছৰত তুলিৰাম ৰংহাঙৰ নেতৃত্বত দোপতদোপে উন্নতি কৰিছে । অদূৰ ভবিষ্যতেও দুয়োখন পার্বত্য জিলাত উন্নয়নৰ ধাৰা অব্যাহত থাকিব বুলি তেওঁ আশা ব্যক্ত কৰে । বিধায়ক বিদ্যাছিং ইংলেঙে তেওঁ পূর্বে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আছিল যদিও এনেধৰণৰ উন্নয়ন সম্ভৱ হোৱা নাছিল বুলি উল্লেখ কৰে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ড০ তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত এতিয়া উন্নয়নৰ ঢল বৈছে বুলি কয় ।