ডিফু, ২ অক্টোবৰ : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে উত্থাপিত হোৱা এশ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগৰ প্ৰতিক্ৰিয়া এতিয়াও শাম কটা নাই ৷ অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অনা এই বিষ্ফোৰক অভিযোগৰ পাছত কাৰ্বি আংলঙৰ লগতে সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ আনহাতে তুলিৰাম ৰংহাঙে এই সমস্ত অভিযোগ খণ্ডন কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই অভিযোগ সন্দৰ্ভত ক্লীনশ্বীট দিয়া বুলি দাবী কৰি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰাৰ ভাবুকি দিছিল ৷
ৰংহাঙে আনকি শইকীয়াৰ প্ৰয়াত পিতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ প্ৰসংগ টানি আনি হিতেশ্বৰ শইকীয়াৰ দিনত অসাংবিধানিকভাৱে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ ভংগ কৰি দিয়াৰ অভিযোগ উত্থাপন কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ইয়াৰ বাবে শইকীয়াক প্ৰতিকী জৰিমনা স্বৰূপে এটকা জৰিমনা বিহাৰ প্ৰসংগও উল্লেখ কৰিছিল ৷ লগতে কংগ্ৰেছৰ আমোলতে কাৰ্বি আংলং জিলাত উগ্ৰপন্থী সংগঠনৰ জন্ম হৈছিল বুলিও দাবী কৰিছিল ৷
সোমবাৰে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ দুই উপ সভাপতি ক্ৰমে, ৰাতুল টেৰণ আৰু ৰতন ইংতিয়ে তুলিৰাম ৰংহাঙৰ এই অভিযোগৰ প্ৰত্যুত্তৰ দিয়াৰ লগতে ৰংহাঙক গুৱাহাটীত উচ্চ ন্যায়ালয়ে দিয়া ক্লীনশ্বীটৰ প্ৰমাণ ৰাজহুৱা কৰাৰ প্ৰত্যাহ্বান জনায় ৷
ৰাতুল টেৰণে কয় যে, কাচে এণ্টাৰ প্ৰাইজৰ গৰাকী কোন ?সকলো কাম তেওঁলোকৰ পৰিয়ালৰ মাজত আৱণ্টন দিয়া হৈছে ৷ এগৰাকী ঠিকাদাৰকে যদি সকলো কাম আৱণ্টন দিয়া হয় আন ঠিকাদাৰে কি খাব বুলি প্ৰশ্ন কৰে তেওঁ ৷ ন্যায়ালয়ে তেওঁক মৌখিকভাৱে ক্লীনশ্বীট দিয়া নাই বুলি উল্লেখ কৰি ন্যায়ালয়ে প্ৰদান কৰা ক্লীনশ্বীট ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনায় ৷ কংগ্ৰেছৰ দিনত উগ্ৰপন্থী সমূহক মূল সুঁতিলৈ ঘূৰাই অনা হৈছিল বুলিও টেৰণে দাবী কৰে ৷
ইফালে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ আন এগৰাকী উপ সভাপতি ৰতন ইংতিয়ে কয় যে, বিজেপি চৰকাৰ গঠনৰ পিছত কোনো ব্যক্তি অথবা অনুষ্ঠানে চৰকাৰৰ ওপৰত অভিযোগ আনিব নোৱাৰা এটা পৰিৱেশ এতিয়া দেশত বিৰাজ কৰিছে ৷ যিয়ে চৰকাৰৰ বিৰুদ্ধে মাত মাতে তেওঁক বিভিন্ন দোষত অভিযুক্ত কৰি জেললৈ নিক্ষেপ কৰে ৷